নতুন দিল্লী, ১১ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ কাঠমাণ্ডু বিমানবন্দৰ পুনৰ আৰম্ভ হোৱাৰ পিছত ভাৰত চৰকাৰে আৱদ্ধ যাত্ৰীসকলক সকাহ দিয়াৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা আৰম্ভ কৰিছে। এই ক্ৰমত এয়াৰ ইণ্ডিয়াই বুধবাৰে নিশা দিল্লীৰ পৰা কাঠমাণ্ডুলৈ এখন বিশেষ বিমান (এ আই ২২১) প্ৰেৰণ কৰে। এই বিমানখনে নিশা প্ৰায় ৮:৩০ বজাত দিল্লীৰ পৰা উৰা মাৰি কাঠমাণ্ডু পালেহি। উভতি অহাৰ সময়ত এ আই ২২২ এই বিশেষ বিমানখনত ১৭০ জন যাত্ৰী যাত্ৰা কৰিব পাৰিব।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বৃহস্পতিবাৰে দিল্লীৰ পৰা কাঠমাণ্ডুলৈ ৬খন নিয়মীয়া বিমান আৰু তাৰ পৰা ৬খন বিমান উভতি আহিব। ইয়াৰ সমান্তৰালকৈ আন এখন বিশেষ বিমানো চলোৱা হ’ব। এইদৰে কাইলৈ দিল্লীৰ পৰা কাঠমাণ্ডুলৈ মুঠ ৭খন বিমান ৰাওনা হ’ব আৰু ৭খন বিমান ঘূৰি আহিব।
একে সময়তে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য শ্বেয়াৰ কৰি কয় যে, নেপালত বিমানবন্দৰ বন্ধ হোৱাৰ বাবে কাঠমাণ্ডুৰ পৰা বহু যাত্ৰী ঘৰলৈ উভতি যাব পৰা নাছিল। এতিয়া বিমানবন্দৰ পুনৰ আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ সহযোগত আজি সন্ধিয়া আৰু আগন্তুক দিনত অতিৰিক্ত বিমানৰ ব্যৱস্থা কৰিছে কাইলৈৰ পৰা বিমান সেৱাও আৰম্ভ হ’ব ।
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে বিমান সংস্থাসমূহক ভাড়া স্বাভাৱিক আৰু যুক্তিসংগত কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে যাত্ৰীসকলে নিৰাপদ আৰু সুবিধাজনক যাত্ৰা কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
