লণ্ডন, ০৩ আগষ্ট (হি.স.)। ইংলেণ্ডত সোমবাৰে আঘাত কৰিবলগীয়া ধুমুহা ফ্ল’ৰিছৰ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে গুৰুতৰ সতৰ্কবাণী জাৰি কৰিছে। স্কটলেণ্ডৰ বাবে ‘হালধীয়া’ সতৰ্কবাণী ‘এম্বাৰ’ সতৰ্কবাণীলৈ বৃদ্ধি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে এই ধুমুহাই জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।
সোমবাৰে পুৱা ব্ৰিটেইনৰ উপকূলীয় অঞ্চলত ধুমুহা ফ্ল’ৰিছৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ মতে, সাগৰৰ ঢৌ আৰু বিলৰ পৰা উৰি যোৱা ধ্বংসাৱশেষৰ বাবে আঘাত আৰু জীৱনৰ বিপদৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে ফ্ল’ৰিছৰ বিধ্বংসী আশংকা কৰি সোমবাৰে পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ স্কটলেণ্ডত এম্বাৰ এলাৰ্ট বলবৎ থাকিব। একে সময়তে উত্তৰ আয়াৰলেণ্ড আৰু উত্তৰ ইংলেণ্ডত পুৱা ছয় বজাৰ পৰা মাজনিশালৈকে কাৰ্যকৰী হ’ব হালধীয়া সতৰ্কবাণী।
মুখ্য বতৰ বিজ্ঞানী মেথিউ লেনহাৰ্টে কয় যে স্কটলেণ্ডৰ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশৰ পৰা অস্বাভাৱিকভাৱে প্ৰচণ্ড বতাহ বলিব পাৰে। এনে পৰিস্থিতিত অন্তৰ্দেশীয় অঞ্চলত (সাগৰ বা চহৰৰ ভিতৰৰ অংশৰ পৰা আঁতৰত) প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ মাইল বেগত বতাহ বলিব। একে সময়তে পাহাৰীয়া আৰু উপকূলীয় অঞ্চলত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৬০ৰ পৰা ৭০ মাইল হ’ব পাৰে।
ইয়াৰ উপৰিও পশ্চিম দিশৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে, যিয়ে প্ৰথমে আয়াৰলেণ্ডক প্ৰভাৱিত কৰিব আৰু তাৰ পিছত স্কটলেণ্ড, উত্তৰ ৱেলছ আৰু উত্তৰ ইংলেণ্ডত উপনীত হ’ব। হাইলেণ্ডছ আৰু লেক ডিষ্ট্ৰিক্টৰ দৰে অঞ্চলত এঘণ্টাত ১৬ৰ পৰা ৩২ মিলিমিটাৰ বৰষুণ হ’ব পাৰে।
চৰকাৰী সংস্থা আৰু বতৰ বিজ্ঞান বিভাগে নাগৰিকসকলক সোমবাৰে যাতায়তৰ পৰা বিৰত থাকিবলৈ আৰু স্থানীয় সতৰ্কবাণীৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাইছে। ধুমুহাৰ সময়ত ঘৰতে থকাটোৱেই আটাইতকৈ নিৰাপদ বিকল্প বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
