

লণ্ডন, ২৪ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণত লণ্ডনত উপস্থিত হয়, য’ত ভাৰতীয় সমাজৰ বহু সংখ্যক লোকে তেওঁক উষ্ম আদৰণি জনায়। হাতত ত্ৰিৰংগা ধৰি থকা উৎসাহী মানুহৰ ভিৰে তেওঁক আদৰণি জনোৱা দেখা গ’ল। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনাই থিয় হৈ থকা ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ইয়াক হৃদয়স্পৰ্শী বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত লণ্ডনত উপস্থিত হোৱাৰ পিছত ভাৰতীয় সমাজে তেওঁক উষ্ম আদৰণি জনায়। ইয়াৰ কেইবাখনো ছবি তেওঁৰ এক্স পোষ্টত শ্বেয়াৰ কৰি তেওঁ লিখিছে – ব্ৰিটেইনত ভাৰতীয় সমাজৰ উষ্ম আদৰণিত মই আপ্লুত হৈছো। ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ স্নেহ আৰু আবেগ হৃদয়স্পৰ্শী।
দুদিনীয়া ভ্ৰমণসূচীৰে লণ্ডনত উপস্থিত হোৱা নৰেন্দ্ৰ মোডীৰ প্ৰধানমন্ত্ৰী হিচাপে এয়া চতুৰ্থবাৰলৈ ব্ৰিটেইন ভ্ৰমণ। তেওঁৰ এই ভ্ৰমণত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ) স্বাক্ষৰিত হ’ব, যিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যক নতুন উচ্চতা প্ৰদান কৰিব। এই ভ্ৰমণৰ সময়ত মোদীয়ে ৰজা তৃতীয় চাৰ্লছ আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰিব।
ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা এফ টি এক লৈও ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰ অতিশয় উৎসাহিত। প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পূৰ্বে তেওঁ এক বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰায় ৬ বিলিয়ন পাউণ্ড (প্ৰায় ৬৩০০০ কোটি টকা)ৰ বিনিয়োগ আৰু বাণিজ্যিক চুক্তিত সহমতত উপনীত হৈছে। তেওঁ কয়, ‘ভাৰতৰ সৈতে ঐতিহাসিক বাণিজ্য চুক্তি যিয়ে হাজাৰ হাজাৰ নতুন চাকৰিৰ সৃষ্টি কৰিব, ব্যৱসায়ৰ বাবে নতুন সুযোগ মুকলি কৰিব আৰু উন্নয়ন কঢ়িয়াই আনিব।’
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
