গাজাপট্টী/ৰাষ্ট্ৰসংঘ, ০৯ ডিছেম্বৰ (হি.স.) গাজাপট্টীত যুদ্ধৰ ৬৪ সংখ্যক দিন শনিবাৰে ইজৰাইলৰ টেংক, মিছাইল আৰু ৰকেটৰ গৰ্জন অব্যাহত আছে। ইফালে ইজৰাইলৰ যুদ্ধ বিমানে লেবাননৰ কেইবাটাও হিজবুল্লাহৰ স্থানত নিশাৰ ভিতৰতে আক্ৰমণ চলাইছে। আনফালে, গাজাপট্টীত সংঘাত বন্ধ কৰাৰ বাবে ইউ এ ইৰ প্ৰচেষ্টাত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইজৰাইল-হামাছৰ সংঘাতৰ খচৰা প্ৰস্তাৱৰ ভেটো প্ৰদান কৰে। এই প্ৰস্তাৱত গাজাত তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতি আৰু হামাছ সন্ত্ৰাসবাদী সংগঠনটোৱে পণবন্দী কৰি ৰখা সকলো লোকক শীঘ্ৰে আৰু নিঃচৰ্ত মুক্তিৰ দাবী জনায়।
দ্য টাইমছ অৱ ইজৰাইলৰ তথ্য অনুসৰি গাজা ষ্ট্ৰিপত ইজৰাইলৰ নিৰাপত্তা বাহিনী আৰু পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ যুদ্ধ চলি আছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কয় যে তেওঁলোকৰ যুদ্ধ বিমানে লেবাননৰ কেইবাটাও হিজবুল্লাহৰ স্থানত নিশাৰ ভিতৰতে আক্ৰমণ চলাইছিল। আইডিএফে জনোৱা মতে, আঘাত কৰা লক্ষ্যসমূহৰ ভিতৰত ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনটোৰ কেইবাটাও অপাৰেচনেল চেণ্টাৰো অন্তৰ্ভুক্ত।
কাকতখনৰ মতে, ইজৰাইলৰ এজন জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়াই কয় যে দক্ষিণ গাজাৰ খান ইউনিছ চহৰখন হামাছৰ পৰা মুক্ত কৰিবলৈ সেনাই তিনি-চাৰি সপ্তাহ সময় লাগিব। ইয়াৰ পিছতহে হামাছৰ বিৰুদ্ধে প্ৰথম পৰ্যায়ৰ যুদ্ধৰ অন্ত পৰিব। উল্লেখযোগ্য যে যোৱা ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি কমেও ১২০০ জন লোকক হত্যা কৰিছিল। লগতে প্ৰায় ২৪০ জন লোকক পণবন্দী কৰিছিল।
চিএনএনৰ তথ্য অনুসৰি শুকুৰবাৰে ইউএইৰ এই প্ৰস্তাৱৰ ওপৰত ১৫ জনীয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ভোটদান কৰে। ১৩ জন পৰিষদৰ সদস্যই এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। ভোটদানৰ পৰা বিৰত থাকিল ব্ৰিটেইনে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৯ নং অনুচ্ছেদ ব্যৱহাৰ কৰি ইজৰাইল-হামাছ সংঘাতত অধিক মানৱীয় সংঘাত আৰু ধ্বংসলীলাৰ পৰা হাত সাৰিবলৈ নিৰাপত্তা পৰিষদক আবেদন জনোৱাৰ এদিন পিছতে এই প্ৰস্তাৱৰ ওপৰত ভোটদান কৰা হয়।
এই ভোট সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে কয় যে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে চলোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক নিন্দা কৰা ভাষা কিয় এই প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰিবলৈ অস্বীকাৰ কৰিলে সেয়া বুজাৰ বাহিৰত। ইয়াৰ পিছতো আমেৰিকাই সু-উদ্দেশ্যৰে প্ৰস্তাৱটোৰ খচৰা প্ৰস্তুত কৰাত অংশগ্ৰহণ কৰিছিল। ইজৰাইলৰ ওপৰত ৭ অক্টোবৰত হামাছে কৰা আক্ৰমণক নিন্দা কৰিবলৈ বা ইজৰাইলৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰক স্বীকৃতি দিবলৈ অসমৰ্থ হোৱা ভোটক লৈ বাবে উডে নিৰাপত্তা পৰিষদক গৰিহণা দিয়ে। তেওঁ কয় যে সামৰিক ব্যৱস্থা বন্ধ কৰিলে হামাছে গাজাত শাসন অব্যাহত ৰাখিব পাৰিব আৰু পৰৱৰ্তী যুদ্ধৰ বীজ সিঁচিব পাৰিব।
চিএনএনৰ তথ্য অনুসৰি শুকুৰবাৰে ইজিপ্ত, জৰ্ডান, পেলেষ্টাইন কৰ্তৃপক্ষ, কাটাৰ, চৌদি আৰব আৰু তুৰস্কৰ বৈদেশিক মন্ত্ৰীসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনক যুদ্ধবিৰতিৰ বিৰোধিতা বাদ দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ৱাশ্বিংটনত উপস্থিত আছিল। তেওঁৰ সকলো প্ৰচেষ্টা অসাৰ হৈ পৰে। ৰাষ্ট্ৰসংঘত ভোটদান কৰাৰ পিছতহে তেওঁ বৈদেশিক মন্ত্ৰী এণ্টনি ব্লিংকেনক সাক্ষাৎ কৰিব পাৰিছিল। ইউ এ ইৰ উপ ৰাষ্ট্ৰদূত মহম্মদ আবুছাবে ভোটদানৰ পিছত আমেৰিকাৰ ভেটোত হতাশা প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘত ব্ৰিটেইনৰ স্থায়ী প্ৰতিনিধি বাৰ্বাৰা উডৱাৰ্ডে কয় যে তেওঁৰ দেশে ৭ অক্টোবৰত নিৰীহ ইজৰাইলী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে হামাছে কৰা অত্যাচাৰক গৰিহণা নিদিয়া প্ৰস্তাৱত ভোট দিব নোৱাৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
