বেংকক (থাইলেণ্ড)/ফ্নম পেন (কম্বোডিয়া), ২৬ জুলাই (হি.স.)। সীমা বিবাদক লৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সামৰিক সংঘাত আজি তৃতীয় দিনত প্ৰৱেশ ঘটিছে। শনিবাৰে পুৱাৰে পৰা দুয়োখন দেশৰ সেনাই মুয়াং জিলাৰ বান চামৰাকত গুলীচালনা কৰি আহিছে। থাইলেণ্ডৰ ট্ৰেট মেৰিন টাস্ক ফৰ্চৰ তথ্য অনুসৰি পুৱা ৫:১০ বজাত কম্বোডিয়া সেনাই থাইলেণ্ডৰ ভূখণ্ডৰ ভিতৰত তিনিটা স্থানত বেদখল কৰে। ৰয়েল থাই নৌসেনাই তৎক্ষণাত সঁহাৰি জনাই পুৱা ৫:৪০ বজাৰ ভিতৰত কম্বোডিয়াৰ সেনাক পিছুৱাই দিয়ে।
এই বিষয়ে থাইলেণ্ডৰ বেংকক পোষ্ট আৰু কম্বোডিয়াৰ খ্মেৰ টাইমছ কাকতত বিতংভাৱে আলোচনা কৰা হৈছে। বেংকক পোষ্টৰ তথ্য অনুসৰি, সামুদ্ৰিক সংঘাতৰ পিছত চান্থাবুৰি-ট্ৰাট সীমান্ত প্ৰতিৰক্ষা কমাণ্ডৰ অধীনৰ ১ম নৌসেনা অঞ্চলে খলং য়াইৰ কুট আৰু বান হাট হ্ৰদত অপাৰেচন ট্ৰাট পিখাট ফেৰী ১ত সহায় কৰিবলৈ চাৰিখন টহলদাৰী জাহাজ মোতায়েন কৰে।
কম্বোডিয়াৰ পূব সীমান্তৰ বান্থাট পৰ্বতৰ ওচৰৰ বাসিন্দাসকলে পুৱা ৫ বজাত আৰ্টিলাৰীৰ গুলীচালনাৰ খবৰ দিয়ে।টাম্বন নোৱেন চাইৰ ৰাই পা মন্দিৰৰ এজন সন্ন্যাসীয়ে কয় যে তেওঁ পাহাৰৰ ওপৰত জুইৰ শিখা দেখা পাইছিল। তাৰ পিছত থাইলেণ্ডৰ সৈন্য আহি পালেহি। কম্বোডিয়াৰ কোহ কংৰ পৰা ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত ক্লং য়াইত আউটপোষ্ট স্থাপন কৰা হৈছে।
থাইলেণ্ডত বৃহস্পতিবাৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে ৬ জন জোৱান। আহত হৈছে ৬০ জনতকৈ অধিক লোক। কম্বোডিয়াত ১৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, শুকুৰবাৰে নিৰাপত্তা পৰিষদৰ বৈঠকত ৰাষ্ট্ৰসংঘত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত চেৰ্ডচাই চাইভাভিদে কয় যে জুলাই মাহৰ মাজভাগৰ পৰা দুবাৰকৈ থাইলেণ্ডৰ ভূখণ্ডত লেণ্ডমাইন স্থাপন কৰি জোৱান আহত হৈছে। কম্বোডিয়াই এই দাবীসমূহক ভিত্তিহীন বুলি অভিহিত কৰিছে।
কম্বোডিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি থাইলেণ্ডে বৃহস্পতিবাৰে ১৯ জন জোৱানৰ ওপৰত গুলীচালনা কৰে। থাইলেণ্ডে ইচ্ছাকৃতভাৱে কম্বোডিয়াত অপ্ৰৰোচিত সামৰিক আক্ৰমণ চলাইছিল আৰু এতিয়া সীমান্তত সৈন্য আৰু মাৰাত্মক অস্ত্ৰ নিয়োগ কৰিছে। মন কৰিবলগীয়া যে ৮১৭ কিলোমিটাৰ (৫০৮ মাইল) দীঘল সীমান্তত বিভিন্ন অনিৰ্দিষ্ট বিন্দুৰ অধিকাৰক্ষেত্ৰক লৈ থাইলেণ্ড আৰু কম্বোডিয়াত দশক দশক ধৰি কাজিয়া চলি আহিছে। ইয়াৰ ভিতৰত প্ৰাচীন হিন্দু মন্দিৰ টা মোৱান থম আৰু একাদশ শতিকাৰ প্ৰেহ ভিহেয়াৰৰ মালিকীস্বত্ব বিবাদৰ কেন্দ্ৰবিন্দু হৈ আহিছে।
খেমেৰ টাইমছৰ মতে, কম্বোডিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে থাইলেণ্ডৰ সৈন্যই ইচ্ছাকৃতভাৱে কম্বোডিয়াৰ ভূখণ্ডৰ ভিতৰত অৱস্থিত দুৰ্গম গাঁওসমূহক লক্ষ্য কৰি লৈছে। ইয়াৰ ভিতৰত বৌদ্ধ ধৰ্মৰ পেগোডা আৰু অন্যান্য অসামৰিক স্থান। এই আক্ৰমণত বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল মালি ছোচেয়াটাই আজি কয় যে পৰিস্থিতি উত্তেজিত। থাইলেণ্ডে পশ্চিম দিশৰ পুৰছাট প্ৰদেশত সামৰিক আগ্ৰাসন কৰি যুদ্ধৰ নতুন ফ্ৰণ্ট মুকলি কৰিছে। কম্বোডিয়াই আন্তঃৰাষ্ট্ৰীয় সমাজৰ ওচৰত তাৎক্ষণিক হস্তক্ষেপৰ বাবে আবেদন জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
