ৱাশ্বিংটন, ২৬ জুলাই (হি.স.)। দেশত নতুন শৈক্ষিক অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে বন্ধ কৰি দিয়া শিক্ষা পুঁজি (ফেডাৰেল এডুকেচন গ্ৰাণ্ট) সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। দুয়োটা দলৰ সাংসদসকলৰ হেঁচাত প্ৰশাসনে ৫.৫ বিলিয়ন ডলাৰৰ শিক্ষা পুঁজি ৰাজ্যসমূহলৈ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ধনৰাশিয়ে নতুন শিক্ষক নিযুক্তিৰ পথ মুকলি কৰিব। ইয়াৰ বাহিৰেও পাঠদানৰ কামত থকা বাধাসমূহ দূৰ হ’ব।
এই তথ্য ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ উদ্ধৃতি দি দ্য নিউয়ৰ্ক টাইমছৰ বাতৰিত দিয়া হৈছে। বিষয়াসকলে এই ঘোষণা কৰাৰ পিছত পাস্কো কাউন্টি স্কুলৰ অধীক্ষক জন লেগে কয় যে এই সিদ্ধান্ত ভাল। এই ফেডাৰেল শিক্ষা অনুদান সোমবাৰৰ ভিতৰত বিদ্যালয়সমূহে লাভ কৰাৰ সম্ভাৱনা আছে। শুকুৰবাৰে প্ৰশাসনে জাৰি কৰা এক অধিসূচনাযোগে কোনো বিদ্যালয়ে এই ধনৰ অপব্যৱহাৰ নকৰে বুলি জানিবলৈ দিয়ে। শিক্ষা বিভাগে কোনো অগ্ৰাহ্যযোগ্য কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ স্বাধীন হ’ব।
নতুন শৈক্ষিক অধিবেশন আৰম্ভ হোৱাৰ আগতেই ফেডাৰেল শিক্ষাৰ ধন বন্ধ কৰি দিয়াৰ বাবে ফ্ল’ৰিডাৰ বহু বিদ্যালয়ে প্ৰশিক্ষণ কাৰ্যসূচী আৰু নতুন নিযুক্তি বন্ধ কৰি দিছিল। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপৰ বিৰুদ্ধে ২০খনতকৈও অধিক ৰাজ্যই আদালতৰ কাষ চাপিছিল। ইয়াৰ ভিতৰত আছিল ডেম’ক্ৰেট শাসিত ৰাজ্য যেনে কেলিফৰ্ণিয়া, কানেকটিকাট, নিউয়ৰ্ক আৰু ইলিনয়।
আমেৰিকাৰ বাজেট কাৰ্যালয়ে ৩০ জুনত কঠোৰ নিৰ্দেশ জাৰি কৰিছিল যে এই অনুদান পুনৰীক্ষণৰ পিছতহে যিকোনো সিদ্ধান্ত লোৱা হ’ব।
মন কৰিবলগীয়া যে এই অনুদান ৰাজ্যসমূহৰ সাধাৰণ শিক্ষা বাজেটতকৈ পৃথক। অতিৰিক্ত শিক্ষা কেন্দ্ৰ, ইংৰাজী শিকিবলৈ ছাত্ৰ-ছাত্ৰীক সহায় কৰা, প্ৰাপ্তবয়স্ক সাক্ষৰতা, শিক্ষক প্ৰশিক্ষণ আৰু আৰ্ত ছাত্ৰ-ছাত্ৰীক সহায়ৰ ব্যৱস্থা উপলব্ধ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
