টকিঅ’, ১৫ জানুৱাৰী (হি.স.) । জাপানৰ ৮৬.৬ শতাংশ লোকে বিচাৰে দেশত কঠোৰ ৰাজনৈতিক ধন নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰাতো। কিয়’ডো নিউজৰ টেলিফোনিক অ’পনিয়ন সমীক্ষাত এই কথা পোহৰলৈ আহিছে। দেওবাৰে কিয়’ডো নিউজে প্ৰকাশ কৰে নিজৰ সমীক্ষা। জাপান টুডেৰ প্ৰতিবেদন অনুসৰি শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাজনৈতিক ধন সংগ্ৰহৰ কেলেংকাৰীৰ মাজতে ৮৬.৬ শতাংশ লোকে কঠোৰ ৰাজনৈতিক ধন নিয়ন্ত্ৰণ আইনক সমৰ্থন কৰে।
জাপান টুডেৰ তথ্য অনুসৰি সমীক্ষাত অংশগ্ৰহণ কৰা মুঠ ৬১.৬ শতাংশ লোকে নৱবৰ্ষৰ দিনা মধ্য জাপানৰ ন’ট’ উপদ্বীপত হোৱা ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ক্ষেত্ৰত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই গ্ৰহণ কৰা ভূমিকাৰ ক্ষেত্ৰত অসন্তুষ্ট আছিল। ৫৪.৬ শতাংশ লোকে কয় যে তেওঁলোকে অনুভৱ কৰে যে ভূমিকম্পৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰি তৎকালীন। বাকীসকলে ইয়াক অতি লেহেমীয়া বুলি গণ্য কৰিলে।
এই সমীক্ষাত ৭৫.১ শতাংশ লোকে স্বীকাৰ কৰিছে যে চৰকাৰৰ শেহতীয়া ব্যৱস্থাৰ দ্বাৰা এনে কেলেংকাৰী বন্ধ হ’ব বুলি তেওঁলোকে নাভাবে। ৩৩.৪ শতাংশ লোকৰ মতে প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই অতি সোনকালে পদত্যাগ কৰিব। ইফালে আমেৰিকাৰ এটা বৃহৎ সামৰিক ঘাটি অকিনাৱা প্ৰিফেকচাৰলৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে ৫৩.৩ শতাংশ সংখ্যাগৰিষ্ঠই আপত্তি কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
