টকিঅ’, ২১ জুলাই (হি.স.)। জাপানৰ শাসকীয় মিত্ৰজোঁট দেওবাৰে সংসদৰ উচ্চ সদন ডায়েটৰ নিৰ্বাচনত পিছ পৰি থকা যেন লাগে।
জাপানৰ আগশাৰীৰ কাকত আছাহি শ্বিম্বুনৰ এগজিট প’লৰ মতে এইবাৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰদৰ্শন শক্তিশালী নাছিল। ৰাজ্যিক সম্প্ৰচাৰক এন এইচ কে টেলিভিছনেও একেধৰণৰ দাবী উত্থাপন কৰে। উচ্চ সদনত শাসকীয় মিত্ৰজোঁটে আসন হেৰুৱাব বুলি ভৱিষ্যদ্বাণী কৰিছে এন কে এইচে। এন কে এইচৰ মতে, এই নিৰ্বাচনত উগ্ৰ সোঁপন্থী ছানচেট্টো দল এটা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।
এন এইচ কেত সম্প্ৰচাৰিত এগজিট প’লত ইছিবাৰ মিত্ৰজোঁটে ৩২-৫১খন আসন লাভ কৰাৰ অনুমান কৰা হৈছিল। আন আন চেনেলৰ মতে এই মিত্ৰতাই ৪০-৪৩ খন আসন লাভ কৰিব পাৰে। কেৱল এল ডি পিয়ে ৩২ৰ পৰা ৩৫খন আসন লাভ কৰাৰ প্ৰকল্প কৰা হৈছে। এল ডি পি এতিয়াও সংসদত সৰ্ববৃহৎ দল।
এন এইচ কেৰ তথ্য অনুসৰি মূল বিৰোধী দল কনষ্টিটিউচনেল ডেম’ক্ৰেটিক পাৰ্টিয়ে ১৮ৰ পৰা ৩০খন আসন লাভ কৰাৰ অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে ২২খন আসন লাভ কৰিছিল। উগ্ৰ সোঁপন্থী ছানছেটো দলে নিজৰ ‘জাপানীজ ফাৰ্ষ্ট’ প্ৰচাৰৰ জৰিয়তে ভোটাৰক প্ৰভাৱিত কৰিছে। এই দলটোৱে ১০-২২খন আসন পোৱাৰ সম্ভাৱনা আছে। যোৱা নিৰ্বাচনত এটা আসন লাভ কৰিছিল। এই পাৰ্টিটো ইউটিউবৰ জৰিয়তে কোভিড-১৯ মহামাৰীৰ সময়ত আৰম্ভ কৰা হৈছিল।
সংখ্যালঘু চৰকাৰ চলাই থকা প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ নেতৃত্বত শাসকীয় মিত্ৰজোঁটৰ আসন হ্ৰাস পোৱাৰ বাবে জাপানত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদিও এই নিৰ্বাচনে প্ৰধানমন্ত্ৰী ইছিবাৰ চৰকাৰক প্ৰত্যক্ষভাৱে প্ৰভাৱিত নকৰে, তথাপিও উচ্চ সদনত হোৱা বিপৰ্যয়ৰ ফলত তেওঁৰ ওপৰত পদত্যাগ কৰাৰ হেঁচা বৃদ্ধি পাব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিম্ন সদনৰ নিৰ্বাচনতো ইছিবাৰ দলৰ প্ৰদৰ্শন ১৫ বছৰৰ ভিতৰত আটাইতকৈ বেয়া আছিল। লগতে তেওঁৰ ওপৰত অনাস্থা প্ৰস্তাৱৰ ভাবুকিৰ সৃষ্টি হৈছে।
দ্য জাপান টাইমছৰ বাতৰি অনুসৰি শাসকীয় মিত্ৰজোঁটে উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাব পাৰে। এই নিৰ্বাচন প্ৰধানমন্ত্ৰী আৰু এলডিপিৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচিত হৈছে। দেওবাৰে সন্ধিয়া ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কেৰ আগত ইছিবাই কয় যে তেওঁ আপাততঃ চৰকাৰত থাকিব।
এলডিপিৰ সচিব প্ৰধান হিৰোছি মৰিয়ামাই কয় যে ইছিবাৰ সৈতে ফলাফলৰ দায়িত্ব কেনেকৈ ল’ব লাগে সেই বিষয়ে আলোচনা কৰিব। প্ৰধানমন্ত্ৰী ইছিবাই এটা টিভি অনুষ্ঠানত কয় যে আমি প্ৰক্ষেপিত ফলাফলক বিনম্ৰভাৱে গ্ৰহণ কৰিব লাগিব। এলডিপিয়ে শাসকীয় দল হিচাপে নিজৰ দায়িত্ব পালন কৰিব লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
