টকিঅ’, ২৯ জুলাই (হি.স.)। চীনৰ নিত্য বৃদ্ধি পোৱা আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি জাপানে কুমামোটো প্ৰদেশত দীৰ্ঘ দূৰত্বৰ জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ নিয়োগ কৰাৰ পৰিকল্পনা চূড়ান্ত কৰিছে। এই বিত্তীয় বৰ্ষৰ ভিতৰত কুমামোটো প্ৰদেশৰ গ্ৰাউণ্ড চেল্ফ ডিফেন্স ফৰ্চৰ কেম্প কেংগুনত ঘৰুৱাভাৱে নিৰ্মিত টাইপ ১২ ক্ষেপণাস্ত্ৰ স্থাপন কৰা হ’ব। নানচেই দ্বীপপুঞ্জৰ আশে-পাশে চীনৰ সামৰিক অনুশীলনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে আছাহি শ্বিম্বুন কাকতখনে প্ৰকাশ কৰিছে যে এই উন্নত টাইপ ১২ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ১০০০ কিলোমিটাৰ। চকুৰ পলকতে চীনৰ উপকূল পাব পাৰে। যোৱা বছৰ টকিঅ’ৰ দক্ষিণে থকা নিজিমা দ্বীপত পৰীক্ষা কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
