অট’ৱা, ২৯ ডিছেম্বৰ (হি.স.)। কানাডাৰ ছাৰেত অজ্ঞাত আক্ৰমণকাৰীয়ে এটা হিন্দু মন্দিৰৰ সভাপতিৰ পুত্ৰৰ বাসগৃহত ১৪ ৰাউণ্ড গুলীচালনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।
ছাৰে ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ হৈ এই আক্ৰমণ নিশ্চিত কৰাৰ সময়তে কোৱা হৈছে যে এই গুলীচালনা লক্ষ্মী নাৰায়ণ মন্দিৰৰ সভাপতি সতীশ কুমাৰৰ পুত্ৰৰ বাসগৃহত কৰা হৈছে। ২৭ ডিছেম্বৰৰ পুৱা ৮ বজাত সংঘটিত হৈছিল এই ঘটনা। এই সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে মানুহক জেৰা কৰি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে।
মন কৰিবলগীয়া যে ছাৰেতো হিন্দু সম্প্ৰদায় আৰু হিন্দুৰ ধৰ্মীয় স্থানসমূহকো ইয়াৰ পূৰ্বেও লক্ষ্য কৰি লোৱা হৈছে। খালিস্তানী উগ্ৰপন্থীৰ দুৰ্গ ছাৰে চহৰৰ গুৰুদ্বাৰাৰ সমীপত অজ্ঞাত আক্ৰমণকাৰীয়ে সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক হত্যা কৰিছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
