– ইজৰাইল, গাজা আৰু লেবাননত মিছাইলৰ গুঞ্জন
টেল আভিভ/জেৰুজালেম/ৱাশ্বিংটন, ২১ অক্টোবৰ (হি.স.)। চলিত মাহৰ ৭ তাৰিখে পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ পিছত গাজাত ক্ষেপণাস্ত্ৰৰ গুঞ্জন অব্যাহত আছে। দুয়োফালৰ পৰা ৰকেট নিক্ষেপ কৰা হৈছে। ইজৰাইলৰ আশে-পাশে থকা সীমান্তৰ কিছু দেশত যুদ্ধৰ জুইকুৰা উঠিবলৈ আৰম্ভ কৰিছে। ইফালে কাটাৰৰ মধ্যস্থতাত শুকুৰবাৰে নিশা হামাছে দুজন আমেৰিকান নাগৰিকক মুকলি কৰি দিয়ে। এই দুগৰাকী হৈছে মাতৃ আৰু কন্যা জুডিথ (৫৯) আৰু নাটালি (১৭)। যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে পণবন্দীক মুকলি কৰি দিয়া হৈছে। অৱশ্যে ২০০ জন লোক এতিয়াও হামাছৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
ৱেষ্ট বেংকতো আৰম্ভ হৈছে হিংসা। যোৱা ২৪ ঘন্টাত ইয়াত ১৩ জন পেলেষ্টাইনী আৰু এজন ইজৰাইলী নাগৰিকৰ মৃত্যু হৈছে। ইজৰাইলত ৰাছিয়াৰ দূতে কয় যে পণবন্দীসকলক মুকলি কৰি দিবলৈ মস্কোৱে হামাছৰ সৈতে আলোচনাত মিলিত হৈছে। খবৰ অনুসৰি পশ্চিম তীৰৰ ৰামাল্লাহ চহৰত ইজৰাইলৰ সেনাই অভিযান চলাই ১৪ জন পেলেষ্টাইনীকো গ্ৰেপ্তাৰ কৰিছে। একে সময়তে ইজৰাইলৰ সৈতে সীমান্তত সংঘটিত হোৱা সংঘৰ্ষৰ বাবে দক্ষিণ লেবাননৰ গাঁৱৰ পৰা ৪২০০ৰো অধিক লোক স্থানচ্যুত হৈছে।
বাতৰি অনুসৰি হামাছে জুডিথ আৰু তেওঁৰ কন্যা নাটালিক ৰেড ক্ৰছৰ হাতত গতাই দিয়ে। ইয়াৰ পিছত ৰেড ক্ৰছে তেওঁলোকক ইজৰাইলৰ হাতত গতাই দিয়ে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে এই কথা নিশ্চিত কৰি কয় যে এতিয়াও ১০ জন আমেৰিকান নিৰুদ্দেশ হৈ আছে। তেওঁ কয় যে সকলো পণবন্দীক শীঘ্ৰে আৰু বিনাচৰ্তে মুকলি কৰি দিব লাগে। ইফালে ইজৰাইলে গাজা চহৰৰ আল-কুদছ হাস্পতাল খালী কৰাৰ নিৰ্দেশ দিছে। কোৱা হৈছে যে চিকিৎসালয়খনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলত হাজাৰৰো অধিক লোক উপস্থিত আছে। ইফালে চিকিৎসালয় প্ৰশাসনে ইয়াক খালী কৰিবলৈ অস্বীকাৰ কৰিছে ।
খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাৰ সংসদক ১০৫ বিলিয়ন ডলাৰৰ জৰুৰীকালীন পুঁজি মুকলি কৰিবলৈ কৈছে। ইয়াৰে ১০.৬ বিলিয়ন ডলাৰ ইজৰাইলক দিয়া হ’ব। অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ইউক্ৰেইনক ৬১.৪ বিলিয়ন ডলাৰ দিয়া হ’ব। ইয়াৰ লগে লগে এই যুদ্ধই যেন নতুন ৰূপ ধাৰণ কৰিছে। হামাছ আৰু হিজবুল্লাহৰ পিছত য়েমেনৰ হুতী বিদ্ৰোহীয়েও ইজৰাইলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। ইজৰাইলৰ সেনাই এতিয়াও গাজাপট্টীপত স্থল অভিযান আৰম্ভ কৰা নাই।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়োভ গালাণ্টে প্ৰতিৰক্ষা সমিতিৰ বৈঠকত কয় যে তেওঁৰ অগ্ৰাধিকাৰ হৈছে প্ৰথমে গাজাপট্টীত হামাছৰ সামৰিক সামৰ্থ্য ধ্বংস কৰা। ইয়াৰ পিছত স্থল আক্ৰমণ আৰম্ভ কৰা হ’ব। এই যুদ্ধৰ প্ৰথম পৰ্যায়। বিমান আক্ৰমণত ধ্বংস হৈছে হামাছৰ ঘাটি। দ্বিতীয় পৰ্যায়ত হামাছৰ গোপন এজেণ্টক নিৰ্মূল কৰা হ’ব। তৃতীয় পৰ্যায়ত গাজাত নতুন নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব। কিন্তু ইয়াত ইজৰাইলৰ কোনো ভূমিকা নাথাকিব।
কিছুমান বাতৰি অনুসৰি গাজা আৰু ইজিপ্তৰ সীমান্তৰ ৰাফাহ সীমান্ত ক্ৰছিঙৰ পৰা শুকুৰবাৰেও গাজালৈ যাব পৰা নাছিল সাহায্য সামগ্ৰী ভৰ্তি ট্ৰাক। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বী গুটেৰেছে অসন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে ইজৰাইলে নিজৰ উত্তৰ চহৰ কিৰিয়াট শ্বমোনা খালী কৰিছে। ই লেবানন সীমান্তৰ অতি ওচৰত। লেবাননৰ পৰা ইজৰাইলৰ ওপৰত ধাৰাবাহিকভাৱে ৰকেট আৰু মিছাইল আক্ৰমণ চলি আছে। সেয়ে নাগৰিক সকলক সুৰক্ষিত কৰি ৰখাতো প্ৰয়োজন হৈ পৰিছিল। যুদ্ধৰ ভয়াবহতাৰ মাজতে বাইডেন প্ৰশাসনে ইজৰাইলৰ নাগৰিকক এক নতুন সুবিধা প্ৰদান কৰিছে। তেওঁলোকে ৯০ দিনৰ বাবে ভিছা অবিহনে আমেৰিকালৈ যাব পাৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
