ৱাশ্বিংটন, ৩০ ছেপ্টেম্বৰ (হি.স.)। হোৱাইট হাউছে সোমবাৰে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কাটাৰৰ নেতাগৰাকীৰ সৈতে তিনিমুখীয়া ফোনযোগে ডোহাত ইজৰাইলৰ আক্ৰমণক লৈ দুখ প্ৰকাশ কৰিছে, এই ফোন বাৰ্তালাপত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো আছিল।
হোৱাইট হাউছৰ তথ্য অনুসৰি কাটাৰৰ সাৰ্বভৌমত্ব উলংঘাৰ বাবেও নেতান্যাহুৱে দুখ প্ৰকাশ কৰি ভৱিষ্যতে এনে আক্ৰমণ পুনৰ নহ’ব বুলি আশ্বাস দিয়ে।
বিবৃতিটোত কোৱা হৈছে যে নেতাসকলে গাজা যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰস্তাৱ, মধ্যপ্ৰাচ্যত অধিক সুৰক্ষিত পৰিৱেশৰ সুযোগ, দুয়োখন দেশৰ মাজত বুজাবুজিৰ উন্নতিৰ বিষয়ে আলোচনা কৰে।
খবৰ অনুসৰি ট্ৰাম্পে নেতান্যাহুক গাজাৰ বাবে শান্তি প্ৰস্তাৱক সমৰ্থন কৰিবলৈ আহ্বান জনায়, যাৰ লক্ষ্য হৈছে প্ৰায় দুবছৰীয়া যুদ্ধৰ অন্ত পেলোৱা আৰু ইজৰাইলৰ আন্তঃৰাষ্ট্ৰীয় বিচ্ছিন্নতা হ্ৰাস কৰা।
हिन्दुस्थान समाचार / অৰৱিন্দ
