• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > এপষ্টেইন গোচৰৰ মেৰপেচত ট্ৰাম্প, গিছলেন মেক্সৱেলৰ সাক্ষ্য দিয়াৰ বাবে চৰ্ত আৰোপ
International

এপষ্টেইন গোচৰৰ মেৰপেচত ট্ৰাম্প, গিছলেন মেক্সৱেলৰ সাক্ষ্য দিয়াৰ বাবে চৰ্ত আৰোপ

CliQ INDIA
Last updated: July 31, 2025 2:20 am
CliQ INDIA
Share
4 Min Read
SHARE

ৱাশ্বিংটন, ৩০ জুলাই (হি.স.)। বৰ্তমান আমেৰিকাৰ ৰাজনীতিক আলোড়িত কৰা নাবালিকা ছোৱালীৰ যৌন নিৰ্যাতন আৰু সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হোৱা গিছলেন মেক্সৱেলে সাক্ষ্য দিয়াৰ চৰ্ত দাখিল কৰিছে। অপৰাধৰ বাবে কাৰাগাৰত বন্দী এই মহিলাগৰাকী অভিযুক্ত কোটিপতি জেফ্ৰি এপষ্টেইনৰ বন্ধু। কাৰাগাৰত মৃত্যু হৈছে এপষ্টেইনৰ। এই গোচৰত কিছুদিন ধৰি প্ৰশ্নৰ সন্মুখীন হৈ আহিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

দ্য ৱাশ্বিংটন পোষ্টৰ বাতৰি অনুসৰি, দোষী সাব্যস্ত হোৱা সহ-ষড়যন্ত্ৰকাৰী গিছলেন মেক্সৱেলৰ অধিবক্তাই সোমবাৰে এই সন্দৰ্ভত কংগ্ৰেছলৈ এখন পত্ৰ লিখিছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে কোনো ধৰণৰ ৰেহাই বা ২০ বছৰৰ কাৰাদণ্ড হ্ৰাস কৰাৰ বাবে ট্ৰাম্পৰ নিৰ্দেশ অবিহনে সাক্ষ্য দিবলৈ তেওঁ সাজু নহয়। ২০১৯ চনত গ্ৰেপ্তাৰ আৰু যৌন সৰবৰাহৰ অভিযোগত অভিযুক্ত জেফ্ৰি এপষ্টেইনে ফেডাৰেল কাৰাগাৰৰ কোঠাত ফাঁচী লগাইছিল।

ৱাশ্বিংটন পোষ্টৰ মতে, এপষ্টেইনে এদশকৰো অধিক পূৰ্বে তদন্তৰ সময়ত ফ্ল’ৰিডাত ৰাজ্যিক অভিযোগত দোষ স্বীকাৰ কৰিছিল। ইয়াৰ পিছত নাবালক ছোৱালীক যৌন সম্পৰ্কৰ বিনিময়ত ধন দিয়াৰ বাবে লঘু শাস্তি লাভ কৰে। এপষ্টেইনৰ মৃত্যুৰ পিছত মেক্সৱেলে সেই নাবালক ছোৱালীকেইজনীক ফান্দত পেলোৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে তাইক দোষী সাব্যস্ত কৰে।

কেইমাহমানৰ আগলৈকে এটৰ্নী জেনেৰেল পেম বণ্ডি আৰু ট্ৰাম্পৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এপষ্টেইনৰ তদন্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ফাইলসমূহ ৰাজহুৱা কৰিবলৈ দাবী জনাইছিল। এই মাহত তেওঁলোকে নিজৰ স্থিতি সলনি কৰি কয় যে আৰু কোনো তথ্য দিয়া নহ’ব। বাতৰিটোত কৰা দাবী অনুসৰি ট্ৰাম্প আৰু এপষ্টেইনৰ মাজত দীৰ্ঘদিন ধৰি বন্ধুত্ব আছে। ২০০৪ চনত দুয়োৰে মাজত কিবা এটাক লৈ মতানৈক্য হৈছিল। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰি যোৱা কিছুদিনত এই বিষয়টোৰ সৈতে জড়িত প্ৰশ্নৰ সন্মুখীন হোৱাত তেওঁ হতাশা প্ৰকাশ কৰিছে।

যোৱা সপ্তাহত দ্য নিউয়ৰ্ক টাইমছ আৰু দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰিছিল যে বণ্ডীয়ে বসন্ত কালত ট্ৰাম্পক জনাইছিল যে তেওঁৰ নাম এপষ্টেইনৰ ফাইলত আছে। ইয়াৰ পিছত বহু ৰিপাব্লিকান দলে এই মতামত প্ৰকাশ কৰিলে যে যদি মেক্সৱেলক প্ৰশ্ন কৰা হয় তেন্তে সত্য ওলাই আহিব পাৰে। কিন্তু জেলত থকা মেক্সৱেলৰ অধিবক্তা ডেভিদ অ’ মাৰ্কাছে কংগ্ৰেছলৈ লিখা এখন পত্ৰত দেখা গৈছে যে জেৰা কৰাটো সহজ নহয়।

মেক্সৱেলৰ অধিবক্তাই কয় যে এতিয়া তেওঁ দিয়া যিকোনো সাক্ষ্যই তেওঁৰ আবেদনত প্ৰভাৱ পেলাব পাৰে। ডেভিদ অ’ মাৰ্কাছে কয় যে মেক্সৱেলে পঞ্চম সংশোধনীৰ অধিকাৰ ব্যৱহাৰ কৰি সাক্ষ্য দিবলৈ অস্বীকাৰ কৰিব। তেওঁ কয় যে অধিক বিবেচনাৰ অন্তত আমি কংগ্ৰেছৰ সৈতে সহযোগিতা কৰাৰ এক ন্যায্য আৰু নিৰাপদ উপায় বিচাৰি পাম।

অধিবক্তাগৰাকীয়ে কয় যে ইয়াৰে এটা চৰ্ত হ’ব মেক্সৱেলক ইমিউনিটি প্ৰদান কৰা। তেওঁ কয় যে অৱশ্যে নাবালকৰ সৈতে জড়িত যৌন সৰবৰাহকাৰী হিচাপে তেওঁক দোষী সাব্যস্ত হোৱাটো বিবেচনা কৰিলে এইটো এটা অতি জটিল বিষয়। মাৰ্কাছে পত্ৰখনত লিখিছে, “আনুষ্ঠানিক ৰক্ষাকৱচ অবিহনে ৰাজনৈতিক অভিযুক্ত পৰিৱেশত মেক্সৱেলে অধিক অপৰাধমূলক উন্মোচনৰ আশংকা কৰিব নোৱাৰে।” পত্ৰখনত উল্লেখ আছে যে তাই ফ্ল’ৰিডাৰ এখন ফেডাৰেল কাৰাগাৰত বন্দী হৈ আছে। জেলত কংগ্ৰেছৰ তদন্তকাৰীৰ সৈতে কথা নাপাতিব তাই। অধিবক্তাগৰাকীয়ে কয় যে যদি তেওঁৰ আবেদন নিষ্পত্তি হয় তেন্তে তেওঁ সাক্ষ্য দিবলৈ সাজু।

এই বাধাসমূহ অতিক্ৰম কৰাৰ উপায়ৰ পৰামৰ্শ দিছে মেক্সৱেলৰ আইনী দলটোৱে। অৰ্থাৎ মেক্সৱেলক ক্ষমা কৰা। মাৰ্কাছে পত্ৰখনত স্পষ্ট কৰি দিছে যে যদি তেওঁক ক্ষমা কৰা হ’লহেঁতেন তেন্তে তেওঁ ৱাশ্বিংটন ডি চিৰ কংগ্ৰেছৰ আগত ৰাজহুৱাভাৱে মুকলি আৰু সৎভাৱে সাক্ষ্য দিবলৈ সাজু আৰু আগ্ৰহী হ’লহেঁতেন। এই গোচৰত আৰম্ভণিৰে পৰাই বিৰাজমান হোৱা বহু ভুল বুজাবুজি আৰু ভুল বক্তব্য সত্যৰ কথা ভাগ-বতৰা কৰাৰ সুযোগক তাই আদৰণি জনাইছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁক ক্ষমা কৰিব নে শাস্তি হ্ৰাস কৰিব সেই বিষয়ে ক’বলৈ অস্বীকাৰ কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

আমেরিকা ইজরায়েল ইরান যুদ্ধবিরতি সংকট গভীরতর হয় লেবাননৰ আক্রমণে বিশ্বব্যাপী সতর্কতা ও আঞ্চলিক যুদ্ধর পুনরাবৃত্তি ভয়
নেপালঃ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ
চাৰি ঘণ্টাৰ সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰমসিংহ
গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৬২ জন লোক নিহত
বাংলাদেশত পুনৰ ক্ষমতাত শ্বেখ হাছিনাৰ শাসকীয় দল আৱামী লীগ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইণ্ডিকিউব স্পেছৰ দুৰ্বল তালিকাৰ পৰা ক্ষতিগ্ৰস্ত আইপিও বিনিয়োগকাৰী
Next Article পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ অব্যাহত, দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সম্ভাৱনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?