
মস্কো/বেইজিং, ২০ জুন (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইৰাণ-ইজৰাইল সংঘাতৰ স্পৰ্শকাতৰ তথ্য বিনিময়ত সন্মতি প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে এই কথা নিশ্চিত কৰে ক্ৰেমলিনে।
ক্ৰেমলিনৰ বৈদেশিক নীতি উপদেষ্টা ইউৰি উছাকোভে কয় যে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত প্ৰায় এঘণ্টা ধৰি ফোনত কথা-বতৰা হৈছিল, য’ত সিদ্ধান্ত লোৱা হৈছিল যে সংশ্লিষ্ট সংস্থাসমূহক ইৰাণৰ সৈতে জড়িত তথ্য ইজনে সিজনৰ সৈতে ভাগ-বতৰা কৰিবলৈ নিৰ্দেশ দিয়া হ’ব।
ইউৰি উছাকভৰ মতে, “এই বিষয়ত দুয়োজন নেতাৰ মতামত একে আৰু ইজৰাইলৰ এই কাৰ্যক ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি কঠোৰভাৱে গৰিহণা দিছে।”
উল্লেখযোগ্য যে যোৱা সপ্তাহত ইজৰাইলে “অপাৰেচন ৰাইজিং লায়ন” আৰম্ভ কৰিছিল, যাৰ অধীনত ইৰাণৰ পাৰমাণৱিক, ক্ষেপণাস্ত্ৰ আৰু সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণৰ পক্ষৰ পৰাও প্ৰতিশোধমূলক আক্ৰমণ চলোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
