টেল আভিভ (ইজৰাইল)/তেহৰাণ (ইৰাণ), ১৯ জুন (হি.স.)। ইৰাণ আৰু ইজৰাইলৰ সামৰিক সংঘাতৰ সপ্তম দিনা দুয়োখন দেশৰে ভূমিত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে। ইজৰাইলে কয় যে ইৰাণে আজি নিজৰ জনবসতিপূৰ্ণ অঞ্চল আৰু চিকিৎসালয়সমূহত বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইৰাণে কয় যে পুৱা ইজৰাইলে তেওঁলোকৰ আৰাক গধুৰ পানীৰ ৰিয়েক্টৰত বোমা বিস্ফোৰণ ঘটাইছে।
আমেৰিকাৰ চিএনএন চেনেলৰ প্ৰতিবেদন অনুসৰি ইজৰাইলৰ সামৰিক বিষয়াই কয় যে ইৰাণে আজি কেইবা ডজনো বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। ইয়াৰে বহু ক্ষেপণাস্ত্ৰ অসামৰিক অঞ্চলত পৰিল। ইয়াৰ ফলত দক্ষিণ ইজৰাইলৰ প্ৰধান ছ’ৰ’কা হাস্পতালকে ধৰি কেইবাটাও জনবসতিপূৰ্ণ অঞ্চলৰ যথেষ্ট ক্ষতিসাধন হয়। বিষয়াগৰাকীয়ে কয় যে ইজৰাইল ডিফেন্স ফৰ্চৰ হোমফ্ৰন্ট কমাণ্ডৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। ইৰাণৰ আক্ৰমণত দক্ষিণ ইজৰাইলৰ বিয়েৰ-শ্বেভা চহৰৰ আন এখন বৃহৎ চিকিৎসালয় ক্ষতিগ্ৰস্ত হোৱা বুলি বিষয়াগৰাকীয়ে জনায়।
ছ’ৰোকা মেডিকেল চেণ্টাৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰা হৈছে। এই আক্ৰমণৰ ফলত বিভিন্ন অঞ্চলত ব্যাপক ক্ষতিসাধন হৈছে। এই চিকিৎসালয়খন ইজৰাইলৰ অন্যতম প্ৰধান চিকিৎসা কেন্দ্ৰ। অট্টালিকাটোৰ এটা বৃহৎ অংশ ধ্বংসাৱশেষৰ স্তূপলৈ ৰূপান্তৰিত হৈছে। ইৰাণৰ ক্ষেপণাস্ত্ৰৰ শেহতীয়া আক্ৰমণৰ পিছত সমগ্ৰ দেশৰ কেইবাটাও স্থানত অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে কাম কৰি আছে বুলি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে। এই আক্ৰমণত টেল আভিভৰ এটা বহুমহলীয়া অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে।
ইফালে ইৰাণে কয় যে ইজৰাইলে আজি তেওঁলোকৰ আৰাক গধুৰ পানীৰ ৰিয়েক্টৰত বোমা বিস্ফোৰণ ঘটাইছে। এই স্থান ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১৫৫ মাইল (২৫০ কিলোমিটাৰ) দক্ষিণ-পশ্চিমে। এইটো এটা পাৰমাণৱিক সুবিধা কেন্দ্ৰ। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত এই সুবিধা কেন্দ্ৰটোত দুটা প্ৰজেক্টাইল নিক্ষেপ কৰা হয়। অৱশ্যে কোনো ধৰণৰ গুৰুতৰ ক্ষতি হোৱা নাই। ইয়াৰ পূৰ্বে ইজৰাইলে আৰাকৰ ওচৰত বাস কৰা বাসিন্দাসকলক খালী কৰাৰ সতৰ্কবাণী জাৰি কৰিছিল।
মন কৰিবলগীয়া যে ২০১৫ চনত আমেৰিকা আৰু অন্যান্য শক্তিৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ কেন্দ্ৰবিন্দু আছিল আৰাক গধুৰ পানীৰ ৰিয়েক্টৰ। ইজৰাইলৰ ৭ দিনৰ ভিতৰত ইৰাণৰ নাটানজ আৰু ইছফাহানৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছে ।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
