• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইৰাণৰ পুনৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ, বেৰশ্বেবাৰ টেক পাৰ্কৰ ওচৰত বিস্ফোৰণ
International

ইৰাণৰ পুনৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ, বেৰশ্বেবাৰ টেক পাৰ্কৰ ওচৰত বিস্ফোৰণ

CliQ INDIA
Last updated: June 20, 2025 10:05 pm
CliQ INDIA
Share
2 Min Read
SHARE

টেল আভিভ, ২০ জুন (হি.স.)। ইৰাণ-ইজৰাইলৰ সামৰিক সংঘাত আজি অষ্টম দিনত ভৰি দিলে। ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধৰ জুইত জ্বলি থকা ইৰাণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইৰাণে আৰম্ভ কৰিছে বেলিষ্টিক মিছাইল নিক্ষেপ। বেৰশ্বেবা চহৰৰ এখন টেক পাৰ্কৰ সমীপত পৰিল ইৰাণৰ আন এটা ক্ষেপণাস্ত্ৰ। ইয়াৰ পিছত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। এই ঠাইখন মাইক্ৰ’ছফ্টৰ কাৰ্যালয়ৰ ওচৰত।

দ্য টাইমছ অৱ ইজৰাইল কাকতৰ তথ্য অনুসৰি বেৰছেবাত ইৰাণৰ এটা ক্ষেপণাস্ত্ৰ পৰি গৈছে। ইয়াৰ ফলত বহু ক্ষতি হৈছে যদিও কোনো লোক আহত হোৱাৰ কোনো তথ্য তাৎক্ষণিকভাৱে পোৱা নাই। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে সাধাৰণ নাগৰিকক জনাইছে যে তেওঁলোকে বেৰচেবাত থকা আশ্ৰয় শিবিৰ এৰি যাব পাৰে। খবৰ অনুসৰি বেৰচেবা চহৰ আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত এতিয়াও আক্ৰমণৰ ছাইৰেন বাজি আছে। আইডিএফে কয় যে তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰিবলৈ কাম কৰি আছে।

আমেৰিকাৰ চিএনএন চেনেলৰ খবৰ অনুসৰি আইডিএফে কয় যে বেৰচেবাৰ জুই নিৰ্বাপন কৰা হৈছে। আটক কৰা হৈছে ইৰাণৰ এটা ক্ষেপণাস্ত্ৰ। টেক পাৰ্কৰ সমীপত সংঘটিত বিস্ফোৰণৰ পিছত এই অগ্নিকাণ্ড সংঘটিত হয়। ইয়াত মাইক্ৰ’ছফ্ট অফিচ আছে। ইজৰাইল আৰক্ষীয়ে জনোৱা মতে, দক্ষিণ জিলাখনৰ মুকলি ঠাইত গোলাবাৰুদ পৰি যোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ ফলত স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ ক্ষতি হৈছে। উল্লেখযোগ্য যে কালি ইৰাণৰ আক্ৰমণত বেৰশ্বেবাৰ মূল চিকিৎসালয় ছ’ৰোকা মেডিকেল চেণ্টাৰ ক্ষতিগ্ৰস্ত হয়। বেৰচেবা নেগেভ মৰুভূমিত। ইজৰাইলৰ নেভাটিম এয়াৰ বেছ ইয়াত অৱস্থিত।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা মেহৰে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰসংঘত ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ মিছনে ছ’ৰোকা মেডিকেল চেণ্টাৰক লক্ষ্য কৰি লোৱাৰ অভিযোগ নাকচ কৰে। ইৰাণে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি আত্মৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মিছনটোৱে প্ৰকাশ কৰে। এই যুদ্ধ সন্দৰ্ভত ইৰাণৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী মহম্মদ জাভাদ জাৰিফে কয় যে এতিয়া ইৰাণ ইছলামিক ৰিপাব্লিকে সিদ্ধান্ত ল’ব যে যুদ্ধ কেনেকৈ শেষ হ’ব।

ইৰাণৰ সংবাদ সংস্থা তাছনিমে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিশোধমূলক সামৰিক আক্ৰমণৰ নতুন ৰাউণ্ড বৃহস্পতিবাৰে সন্ধিয়া বেলিষ্টিক মিছাইল আৰু ড্ৰ’নৰ জাকেৰে আৰম্ভ কৰা বুলি ঘোষণা কৰে ইৰাণৰ সংবাদ সংস্থা তাছনিমে। হাইফা আৰু টেল আভিভৰ ইজৰাইলৰ সামৰিক উদ্যোগৰ সৈতে জড়িত সামৰিক ঘাটি আৰু ঔদ্যোগিক স্থানসমূহক লক্ষ্য কৰি লোৱা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ফিজিত সফল ভাৱে আয়োজিত হিন্দু সন্মিলন
ইথিওপিয়াৰ মেটেকেল জ’নত অৰোমো লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণত ৪০ জনতকৈ অধিক লোক নিহত
টেল আভিভত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন, গাজা পট্টীৰ ওচৰত বাজিছে চাইৰেন
দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰাত আদালতৰ অনুমোদন
কাৰাগাৰৰ পৰা মুক্ত এফ বি আইৰ প্ৰাক্তন এজেণ্ট কামৰান ফৰিদী, আমেৰিকাৰ পৰা উভতি লাগিব পাকিস্তান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অছৱাল পাম্পছৰ শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ, কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰী লাভান্বিত
Next Article ছত্তীশগড়ৰ কাংকেৰত এনকাউণ্টাৰত নিহত মহিলা নক্সালবাদী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?