লণ্ডন/ইছলামাবাদ, ১২ জুলাই (হি.স.)। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰাণ খানৰ প্ৰাক্তন পত্নী জেমিমা গোল্ডস্মিথৰ পুত্ৰক পিতৃক লগ কৰিবলৈ চেষ্টা কৰাৰ বাবে গ্ৰেপ্তাৰৰ ভাবুকি দিয়া বুলি দাবী কৰিছে।
পাকিস্তানৰ নিউজ চেনেল ‘আজ নিউজ’ৰ মতে, জেমিমাই যোৱা ১০ জুলাইত এক্স পোষ্টত দাবী কৰিছিল যে তেওঁৰ পুত্ৰক পিতৃ (ইমৰাণ খান)ৰ লগত কথা পাতিবলৈ দিয়া নহয়। প্ৰায় দুবছৰ ধৰি একাকী কাৰাবন্দী হৈ আছে ইমৰাণ। ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ আৱৰণত পাকিস্তান কৰ্তৃপক্ষই “ব্যক্তিগত প্ৰতিশোধ” লোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁ ।
জেমিমাই লিখিছে, আনকি ফোন যোগাযোগৰ অনুমতি নাই। মোৰ পুত্ৰক ভাবুকি দিয়া হৈছে আৰু সকীয়াই দিয়া হৈছে যে যদি তেওঁলোকে পিতৃক লগ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকক জেলত ভৰোৱা হ’ব পাৰে। জেমিমাই এই পৰিস্থিতিক মৌলিক মানৱ অধিকাৰ উলংঘা বুলি অভিহিত কৰে। ইমৰাণৰ পুত্ৰ কাছিম খানেও মাতৃৰ এই বক্তব্য পুনৰবাৰ প্ৰকাশ কৰিছে।
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গৃহ নিৰ্মাণ মন্ত্ৰী বিলাল ইয়াছিনে কয় যে, ইমৰাণৰ পুত্ৰ চুলেমান আৰু কাছিমে এতিয়া উৰ্দু শিকিছে। তেওঁ পাকিস্তানলৈ উভতি যোৱাৰ প্ৰস্তুতি চলাইছে। আমি দুয়োকে তেওঁলোকৰ ভগ্নী টাইৰিয়ানৰ সৈতে আদৰণি জনাম। তেওঁ অভিযোগ কৰে যে পিটিআইৰ নেতৃত্বই জনসাধাৰণৰ আৱেগৰ মূলধন হিচাপে নতুন নাটক আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।
পিএমএল-এনৰ জ্যেষ্ঠ নেতা চিনেটৰ ইৰফান ছিদ্দিকীয়ে কয় যে ইমৰাণৰ পুত্ৰসকলে ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ সাংবিধানিকভাৱে স্বাধীন। ছিদ্দিকিয়ে কটুভাৱে ক’লে, “তেওঁৰ পুত্ৰসকল আহিলে হয়তো পাকিস্তানৰ গৰম অসহ্যকৰ বুলি বিবেচনা কৰিব, কিন্তু ইয়াৰ ফলত জেলৰ দুৱাৰ খোলা নাযায়।” প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ উপদেষ্টা ৰানা ছানাউল্লাই পূৰ্বে সকীয়াই দিছিল যে বহিঃৰাজ্যৰ পৰা অহা যিকোনো ব্যক্তিয়ে অশান্তি সৃষ্টি কৰা বা জনশৃংখলা বিঘ্নিত কৰাৰ অভিযোগত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
পিএমএল-এনৰ আইনী উপদেষ্টা বেৰিষ্টাৰ আকিল মালিকে স্পষ্ট কৰি দিছে যে যদি কোনো বিদেশী নাগৰিক বা দ্বৈত নাগৰিকত্ব থকা ব্যক্তিয়ে পাকিস্তানত ৰাজনৈতিক কাৰ্যকলাপত জড়িত হ’বলৈ ভিছা বিচাৰে তেন্তে তেওঁৰ আবেদন নাকচ কৰা হ’ব।
লক্ষণীয় যে মূলতঃ ইহুদী জেমিমাই ইমৰাণক বিয়া কৰাবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ১৯৯৫ চনৰ ১৬ মে’ত পেৰিছত অনুষ্ঠিত হোৱা নিকাহ অনুষ্ঠানত জেমিমা আৰু খানৰ বিবাহ হয়। ২০০৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছৰে পৰা জেমিমাই লণ্ডনৰ উত্তৰ-পশ্চিম অক্সফৰ্ডশ্বাইৰত বাস কৰি আহিছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
