ৰাষ্ট্ৰসংঘ, ২০ নৱেম্বৰ (হি.স.) ইজৰাইল-হামাছ সংঘাতত হ্ৰস্বম্যাদী যুদ্ধবিৰতি, উত্তেজনা হ্ৰাস আৰু পেলেষ্টাইন জনসাধাৰণক তাৎক্ষণিক মানৱীয় সাহায্য প্ৰদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰচেষ্টাক আদৰণি জনায়। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত ৰুচিৰা কাম্বোজে গাজা ষ্ট্ৰিপৰ মানৱীয় পৰিস্থিতিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পূৰ্ণাংগ অধিবেশনৰ এক অনানুষ্ঠানিক বৈঠকত কয় যে ভাৰতীয় নেতৃত্বৰ পৰা অহা বাৰ্তা ‘স্পষ্ট আৰু যুক্তিসংগত’।
কম্বোজে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমাজৰ সকলো পদক্ষেপক আদৰণি জনাইছে যিয়ে সংঘাতৰ তীব্ৰতা হ্ৰাস কৰি পেলেষ্টাইনৰ জনসাধাৰণক মানৱীয় সাহায্য তাৎক্ষণিকভাৱে প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিছে।
তেওঁ কয়, ‘আমি সন্ত্ৰাসবাদৰ সকলো ধৰণৰ তীব্ৰ বিৰোধিতা কৰোঁ। আমি স্পষ্টভাৱে হিংসাৰ বিৰোধী। আমি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন মানি চলা, উত্তেজনা অধিক বৃদ্ধি ৰোধ কৰিবলৈ, মানৱীয় সাহায্যৰ প্ৰবাহ অব্যাহত ৰাখিবলৈ, সকলো পণবন্দীক নিঃচৰ্ত মুক্তি দিবলৈ, আৰু সকলো পক্ষই শান্তি আৰু স্থিতিশীলতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছো।
কম্বোজে কয় যে এই দিশত আমি যুদ্ধত মানৱীয় বিৰতিৰ বাবে কৰা প্ৰচেষ্টাকো আদৰণি জনাইছো।
হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ/অৰবিন্দ
