তেহৰাণ (ইৰাণ)/তেল আভিভ (ইজৰাইল), ২৪ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত ইজৰাইলত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই ইৰাণে নিজৰ মৌনতা ভংগ কৰে। ইজৰাইলৰ সৈতে যুদ্ধবিৰতি নিশ্চিত কৰিছে ইৰাণে। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত বিশেষ তথ্য নিদিলে। ইজৰাইল এতিয়ালৈকে নিমাত। কিন্তু ইয়াত কোৱা হৈছে যে ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আছে। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও চাৰিজন লোক নিহত হয়।
নিউয়ৰ্ক টাইমছ কাকতখনে কিছুসময় পূৰ্বে নিজৰ ৱেবছাইটত এই বাতৰি সম্প্ৰচাৰ কৰি এই তথ্য দিছিল। ইয়াৰ লগতে ড’নাল্ড ট্ৰাম্পৰ ভিডিঅ’-অডিঅ’ ক্লিপও শ্বেয়াৰ কৰা হৈছে। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি ইৰাণৰ চৰকাৰী টেলিভিছনত মঙলবাৰে পুৱা ইজৰাইলৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি ট্ৰাম্পে চুক্তিত উপনীত হোৱা বুলি কোৱাৰ কেইঘণ্টামান পিছতে ইৰাণৰ চৰকাৰী টেলিভিছনে বিশ্ববাসীক অৱগত কৰে।
ইজৰাইল আৰু ইৰাণৰ মাজত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ১২ দিনৰ পিছত আৰু আমেৰিকাৰ বোমাৰু বিমানে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ আক্ৰমণ কৰাৰ দুদিন পিছত ট্ৰাম্পে এই ঘোষণা কৰে। ট্ৰাম্পে ইংগিত দিয়ে যে মঙলবাৰৰ পৰা পৰ্যায়ক্ৰমে যুদ্ধবিৰতি কাৰ্যকৰী হ’ব। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে পুৱা ৪:৩০ বজাত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে এই চুক্তি কাৰ্যকৰী হৈছে। তেওঁ কয় যে ইৰাণৰ সেনাই “শেষ মুহূৰ্ত”লৈকে যুঁজিছিল।
ইজৰাইলৰ সেনাই জনোৱা মতে, মঙলবাৰে পুৱা ইৰাণে তিনিবাৰকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও চাৰিজন লোক নিহত হোৱা বুলি জৰুৰীকালীন সেৱাই জানিবলৈ দিয়ে। আনহাতে, কাটাৰৰ আল উদেইদ এয়াৰ বেছত ইৰাণৰ আক্ৰমণৰ কেইঘণ্টামান পিছতে ট্ৰাম্পৰ এই বক্তব্য আহে। আল উদেইদ এয়াৰ বেছ হৈছে মধ্যপ্ৰাচ্যৰ আটাইতকৈ ডাঙৰ আমেৰিকাৰ সামৰিক অৱস্থান। আল উদেইদত প্ৰায় ১০ হাজাৰ আমেৰিকান সৈন্য নিয়োজিত হৈ আছে। এই বিমান ঘাটিটোৱে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডৰ আঞ্চলিক মুখ্য কাৰ্যালয় হিচাপে কাম কৰে।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে যুদ্ধ শেষ হৈছে আৰু এতিয়া শান্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ এক সুযোগ। ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “ইজৰাইল আৰু ইৰাণৰ মাজত সম্পূৰ্ণ সহমত হৈছে যে সম্পূৰ্ণ আৰু ব্যাপক যুদ্ধবিৰতি হ’ব।”
ইফালে, তিনিজন কূটনীতিবিদে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে কাটাৰৰ শীৰ্ষ বিষয়াসকলে ইৰাণক আমেৰিকাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি দিবলৈ বুজাইছিল। তেওঁলোকক কোৱা হৈছিল যে ইজৰাইলেও ইয়াত স্বাক্ষৰ কৰিছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
