টেল আভিভ, ০২ অক্টোবৰ (হি.স.)। ইজৰাইলৰ নৌসেনাই গাজালৈ মানৱীয় সাহায্য কঢ়িয়াই অনা জাহাজৰ কনভয় আটক কৰে, যাক দ্য গ্ল’বেল ছুমুদ ফ্লটিলা নামেৰে জনাজাত। ছুইডেনৰ জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গকে ধৰি কেইবাজনো লোকক লৈ যোৱা ৪৭খন সৰু জাহাজৰ কনভয়ক ইজৰাইলৰ নৌসেনাই আটক কৰে। এই কনভয়ত গাজাৰ মানুহৰ বাবে খাদ্য আৰু ঔষধ কঢ়িয়াই লৈ গৈছে।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ৰ উদ্ধৃতিৰে টাইমছ অৱ ইজৰাইলে প্ৰকাশ কৰিছে যে নাওকেইখনক নিৰাপদে আটক কৰি নাওখনত থকা লোকসকলক ইজৰাইলৰ বন্দৰলৈ লৈ যোৱা হৈছে। ইজৰাইলে দাবী কৰিছে যে যুদ্ধক্ষেত্ৰৰ কাষ চাপি অহাৰ বাবে কনভয়টোক নিজৰ পথ সলনি কৰিবলৈ কোৱা হৈছিল। মন্ত্ৰালয়ে কয় যে গ্ৰেটা থানবাৰ্গ আৰু তেওঁৰ সংগীসকল সম্পূৰ্ণ নিৰাপদ। ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এটা ভিডিঅ’ত গ্ৰেটা থানবাৰ্গক আটক কৰি ৰখা হৈছে আৰু তেওঁৰ সামগ্ৰী ঘূৰাই দিয়া হৈছে।
এক্স পোষ্টত ইজৰাইলে অভিযোগ কৰে যে হামাছ আৰু চুমুদ ফ্লটিলাৰ একমাত্ৰ উদ্দেশ্য হৈছে ইজৰাইলক উত্তেজিত কৰা। ইজৰাইল, ইটালী আৰু গ্ৰীচে ফ্লটিলাক শান্তিপূৰ্ণভাৱে গাজালৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিবলৈ অনুমতি দিয়াৰ প্ৰস্তাৱ দিছিল যদিও ফ্লটিলাখনে সহায়ৰ প্ৰতি নহয়, প্ৰৰোচনাৰ প্ৰতিহে আগ্ৰহী। ইজৰাইলৰ নৌসেনাই হামাছ-ছুমুদ ফ্লটিলাৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ গতিপথ সলনি কৰিবলৈ কয়। ইজৰাইলে কনভয়টোক জনাইছিল যে তেওঁলোকে সক্ৰিয় যুদ্ধক্ষেত্ৰৰ কাষ চাপিছে আৰু বৈধ নৌসেনাৰ অৱৰোধ উলংঘা কৰিছে। ইজৰাইলে গাজালৈ যিকোনো সাহায্য শান্তিপূৰ্ণভাৱে নিৰাপদ মাধ্যমেৰে পৰিবহণ কৰাৰ প্ৰস্তাৱ পুনৰবাৰ প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
