ৱাশ্বিংটন (আমেৰিকা), ১৮ ছেপ্টেম্বৰ (হি.স.)। দেশখনত সক্ৰিয় ফেচিষ্ট বিৰোধী গোটটোক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে এটা বৃহৎ সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিছে। বুধবাৰে তেওঁ ট্ৰুথ ছ’চিয়েলৰ জৰিয়তে এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে সোমবাৰে সাংবাদিকৰ সৈতে অ’ভেল অফিচত দিয়া ভাষণৰ সময়ত ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিৰোধিতা কৰা এণ্টিফা আন্দোলনক সমালোচনা কৰে।
ফক্স নিউজৰ এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণাটোত কয় যে, এন্টিফা ভয়ংকৰ। এইবোৰ প্ৰতিবাদ নহয়। এইবোৰ অপৰাধ। তেওঁলোক পেছাদাৰী আন্দোলনকাৰী। তেওঁলোকক জেলত ভৰোৱা উচিত। তেওঁলোকে এই দেশৰ প্ৰতি যি কৰিছে সেয়া সঁচাকৈয়ে ধ্বংসাত্মক। ট্ৰাম্পে ১০ ছেপ্টেম্বৰত টাৰ্নিং পইণ্ট ইউ এছ এৰ প্ৰতিষ্ঠাপক চাৰ্লি কাৰ্কৰ কথিত হত্যাকাৰী টাইলাৰ ৰবিনছনক “উগ্ৰ” সুদূৰ বাওঁপন্থী সক্ৰিয়তাৰ সৈতে জড়িত কৰিছিল।
বিষয়াসকলৰ মতে, সন্দেহযুক্ত হত্যাকাৰীৰ অস্ত্ৰৰ ওচৰত উদ্ধাৰ হোৱা গুলীৰ আৱৰণত লিখা আছিল হেই ফেচিষ্ট! গ্ৰীপ লওক! আৰু বেলা চিয়াও বেলা চিয়াও চিঅ’। এই উদ্ধৃতিটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীৰ প্ৰতিৰোধৰ এটা জনপ্ৰিয় গীতৰ পৰা লোৱা হৈছে।
ট্ৰুথছ’চিয়েলত এন্টিফাক ধন আগবঢ়োৱাসকলৰ বিৰুদ্ধে কঠোৰ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছে ট্ৰাম্পে। ট্ৰাম্পে লিখিছে, “মই মোৰ সকলো সতীৰ্থ আমেৰিকান দেশপ্ৰেমিক জনাবলৈ পাই আনন্দিত হৈছো যে মই এন্টিফাক এক ৰোগীয়া, বিপজ্জনক, উগ্ৰ বাওঁপন্থী মহামাৰী বুলি গণ্য কৰিছো আৰু ইয়াক এটা ডাঙৰ সন্ত্ৰাসবাদী সংগঠন বুলি অভিহিত কৰিছো।”
চলিত সপ্তাহৰ আৰম্ভণিতে সোমবাৰে হোৱাইট হাউছৰ উপ-মুখ্য কৰ্মচাৰী ষ্টিফেন মিলাৰে কয় যে চাৰ্লি কাৰ্কে তেওঁক প্ৰেৰণ কৰা শেষ বাৰ্তাটোত হিংসাৰ বাবে উচটনি দিয়াৰ অভিযোগত নাম প্ৰকাশ নকৰা বাওঁপন্থী গোটসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে ২০২০ চনৰ মে’ মাহত ড’নাল্ড ট্ৰাম্পেও এন্টিফাক সন্ত্ৰাসবাদী গোট হিচাপে চিহ্নিত কৰিবলৈ আহ্বান জনাইছিল।
চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ মতে এন্টিফা হৈছে সুদূৰ বাওঁপন্থী উগ্ৰপন্থীৰ নেটৱৰ্ক। ই ফেচিষ্ট, বৰ্ণবাদী, সোঁপন্থী উগ্ৰপন্থীৰ বিৰোধিতা কৰে। এন্টিফাৰ আটাইতকৈ সাধাৰণ প্ৰতীকসমূহৰ ভিতৰত ১৯১৭ চনৰ ৰাছিয়ান বিপ্লৱৰ ৰঙা পতাকা আৰু ১৯ শতিকাৰ নৈৰাজ্যবাদীসকলৰ ক’লা পতাকা। সোঁপন্থী সমাৱেশ আৰু সমাৱেশত ব্যাঘাত জন্মাবলৈ এন্টিফাই প্ৰতিবাদৰ আয়োজন কৰে। ছ’চিয়েল মিডিয়া, এনক্ৰিপ্ট কৰা পিয়ৰ টু পিয়ৰ নেটৱৰ্ক, চিগনেলৰ দৰে মেছেজিং এপৰ জৰিয়তে তেওঁলোকে নিজৰ কাম-কাজ চলায় বুলি কোৱা হয়। ইয়াৰ সদস্যসকলে প্ৰায়ে ক’লা কাপোৰ আৰু মাস্ক পৰিধান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
