অকিনাৱা (নাহা) জাপান, ২১ আগষ্ট (হি.স.)। অকিনাৱাৰ উপকূলত লংগৰ পেলাই থকা আমেৰিকাৰ নৌসেনাৰ যুদ্ধজাহাজ ইউ এছ এছ নিউ অৰলিন্সত ১২ ঘণ্টা ধৰি জুই জ্বলি থাকে। ইয়াৰ বাবেই দুজন সদস্য জ্বলি যায়। বুধবাৰে স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৪ বজাত এই জাহাজখনত সংঘটিত হোৱা এই অগ্নিকাণ্ড বৃহস্পতিবাৰে পুৱাহে নিৰ্বাপিত কৰা হয়।
আমেৰিকাৰ নিউজ চেনেল চিএনএনৰ খবৰ অনুসৰি জুই নিৰ্বাপন কৰাত সহায় কৰা জাপান ক’ষ্ট গাৰ্ডৰ এক বিবৃতিত কোৱা হৈছে যে স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ পিছত জুই নিৰ্বাপনৰ কাম বন্ধ হৈ যায়। এতিয়া জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছিল নে নাই সেই বিষয়ে জানিবলৈ তদন্ত চলি আছে। আমেৰিকাৰ নৌসেনাই জনোৱা মতে, ইয়াৰ দুজন নাৱিকৰ সামান্য জ্বলা-পোৰা হয়। জাহাজতে চিকিৎসা কৰা হৈছিল। জাপানী দ্বীপটোৰ পূব উপকূলৰ হোৱাইট বিচ নেভাল ফেচিলিটি চেণ্টাৰৰ ওচৰত লংঘন কৰা হৈছিল যুদ্ধজাহাজখন। তাৰ পিছত জুই লাগিল। নৌসেনাই জনোৱা মতে, নিউ অৰলিন্সৰ ক্ৰুসকলক ইউ এছ এছ ছান ডিয়েগোৰ ক্ৰুৱে অগ্নিনিৰ্বাপক প্ৰচেষ্টাত সহায় কৰিছিল। জাপান ক’ষ্ট গাৰ্ড, জাপান মেৰিটাইম চেল্ফ ডিফেন্স ফৰ্চ আৰু অকিনাৱাত ভিত্তি কৰি আমেৰিকাৰ নৌসেনাৰ অন্যান্য কমাণ্ডে জুই নিৰ্বাপন কৰাত সহায় কৰে।
আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন অধিনায়ক তথা বিশ্লেষক কাৰ্ল শ্বুষ্টাৰে কয় যে যুদ্ধজাহাজত জুইৰ আশংকা সদায় থাকে, কিয়নো ইয়াত জ্বলনশীল সামগ্ৰীৰে ভৰি থাকে। শেহতীয়া বছৰবোৰত ২০২০ চনৰ জুলাই মাহত আমেৰিকাৰ নৌসেনাৰ জাহাজ ইউ এছ এছ বনহম ৰিচাৰ্ডত আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল। ছান ডিয়েগো বন্দৰত এফ-৩৫ যুঁজাৰু বিমান কঢ়িয়াই নিয়াৰ বাবে উন্নীতকৰণ চলি আছিল। চাৰিদিন ধৰি জাহাজখন জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। ফলত নৌসেনাই কোটি কোটি টকাৰ এই যুদ্ধজাহাজখন বাতিল কৰিবলগীয়া হ’ল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
