
ৱাশ্বিংটন, ১৯ নৱেম্বৰ (হি.স.)। আমেৰিকাই ছৌদি আৰৱক প্ৰধান নন-নাটোৰ মিত্ৰ দেশ হিচাপে নিৰ্ধাৰণ কৰিছে। মঙলবাৰে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ সন্মানত আয়োজিত হোৱাইট হাউছৰ ডিনাৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘মই ঘোষণা কৰি আনন্দিত হৈছো যে আমি চৌদি আৰৱক আনুষ্ঠানিকভাৱে অ-নেটোৰ প্ৰধান মিত্ৰ দেশ হিচাপে ঘোষণা কৰি আমাৰ সামৰিক সহযোগিতাক আৰু অধিক উচ্চতালৈ লৈ গৈছো।’
চিএনএনৰ বাতৰি অনুসৰি ট্ৰাম্পে কৈছিল, “মই এই কথাটো কিছু সময়ৰ বাবে গোপন কৰি ৰাখিব বিচাৰিছিলো, কিন্তু মই প্ৰতিহত কৰিব নোৱাৰিলোঁ।” ট্ৰাম্পৰ এই ঘোষণাই ছৌদি আৰৱৰ সৈতে সামৰিক অংশীদাৰিত্ব গভীৰ আৰু আনুষ্ঠানিক কৰাৰ বাবে আমেৰিকাৰ প্ৰচেষ্টাক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ পূৰ্বেও তেওঁ ঘোষণা কৰিছিল যে ছৌদি আৰবে বহু প্ৰত্যাশিত এফ-৩৫ যুদ্ধ বিমান ক্ৰয় কৰিব। হোৱাইট হাউছৰ তথ্য অনুসৰি ট্ৰাম্প আৰু ক্ৰাউন প্ৰিন্সে কিছুমান ঐতিহাসিক চুক্তি চূড়ান্ত কৰে।
নিশাৰ আহাৰ গ্ৰহণৰ বাবে উপস্থিত হোৱা ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক চাউথ লনৰ প্ৰৱেশদ্বাৰত ক’লা টাক্সেডো পিন্ধি ট্ৰাম্প আৰু পান্নাৰ গাউন পিন্ধি ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে আদৰণি জনায়। এটা সামৰিক বেণ্ডে আদৰণি সংগীত বজাইছিল। হোৱাইট হাউছৰ ইষ্ট ৰুমত আয়োজিত এই নিশাৰ আহাৰত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু তেওঁৰ পত্নী উছা, টেক বিলিয়নাৰ ইলন মাস্ক, ফক্স নিউজৰ আয়োজক ব্ৰেট বেয়াৰ, ড’নাল্ড ট্ৰাম্প জুনিয়ৰ, ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনো, হাউছৰ অধ্যক্ষ মাইক জনছন, যুদ্ধ সচিব পিট হেগছেথ, কোষাগাৰ সচিব স্কট বেছাণ্ট, এপলৰ চিইঅ’ টিম কুক, আৰু আমেৰিকাৰ স্মল বিজনেছ এডমিনিষ্ট্ৰেচন প্ৰশাসক কেলি ল’ফ্লাৰকো দেখা গৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
