ৱাশ্বিংটন, ১৪ জানুৱাৰী (হি.স.)। চলিত বৰ্ষৰ বসন্ত কাল (মাৰ্চ)ৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বিশেষ দূত (জলবায়ু) জন কেৰীয়ে পদৰ পৰা পদত্যাগ কৰিব পাৰে। বাইডেনৰ সৈতে হোৱা বৈঠকত তেওঁ এই দায়িত্বৰ পৰা মুক্ত হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ৮০ বছৰীয়া কেৰীয়ে ২০২১ চনৰ আৰম্ভণিৰ পৰাই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ শীৰ্ষ কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি বাইডেন আৰু কেৰীৰ বৈঠকত উপস্থিত থকা দুজন শীৰ্ষ বিষয়াই এই কথা নিশ্চিত কৰিছে। ২০২১ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ তিনিটা জলবায়ু সন্মিলনত আমেৰিকাৰ আলোচনাপন্থী দলটোৰ নেতৃত্ব দি আহিছে কেৰীয়ে। যিয়ে বিশ্বৰ চৰকাৰসমূহক সেউজ গৃহ গেছৰ নিৰ্গমন আক্ৰমণাত্মকভাৱে কমাবলৈ অনুপ্ৰাণিত কৰিছে।
খবৰ অনুসৰি ট্ৰাম্প প্ৰশাসনৰ সময়ত আমেৰিকাই পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰি যোৱাৰ পিছত পৰিস্থিতি জটিল হৈ পৰে। বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকাই নীতিগত সিদ্ধান্ত গ্ৰহণ কৰি কেৰীৰ হাতত নতুন দায়িত্ব অৰ্পণ কৰে।কেৰীয়ে বিশ্বৰ দুটা বৃহৎ প্ৰদূষক দেশ আমেৰিকা আৰু চীনৰ মাজত গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতাৰ পোষকতা কৰে।
বুধবাৰে হোৱাইট হাউছত কেৰীয়ে বাইডেনক সাক্ষাৎ কৰি পদত্যাগ কৰাৰ উদ্দেশ্যৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। শনিবাৰে কেৰীয়ে নিজৰ এই সিদ্ধান্তৰ বিষয়ে নিজৰ কৰ্মচাৰীসকলক অৱগত কৰে। অহা সপ্তাহত ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ লগতে ফেব্ৰুৱাৰী মাহত পেৰিছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে কেৰীয়ে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
