কাঠমাণ্ডু, ১৯ জুলাই (হি.স.)। অহা সপ্তাহত কাঠমাণ্ডুত ভাৰত আৰু নেপালৰ মাজত গৃহ সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। ৯ বছৰৰ পাছত দুয়োখন দেশৰ মাজত এই বৈঠক অনুষ্ঠিত হ’বলৈ গৈ আছে। শনিবাৰে এই তথ্য দিলে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে।
সংসদীয় সমিতিৰ আগত ৰমেশ লেখাকে কয় যে এই বৈঠকৰ উদ্দেশ্য হৈছে সীমান্তৰ সিপাৰে অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে সমন্বয় প্ৰক্ৰিয়া অধিক শক্তিশালী কৰা। তেওঁ কয় যে যিহেতু দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত মুকলি, গতিকে ইয়াৰ নিয়ন্ত্ৰণৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হ’ব। তেওঁ কয় যে গৃহ সচিবৰ উপৰি প্ৰধানমন্ত্ৰীৰ কার্যালয়, বৈদেশিক, আইন, জৰীপ বিভাগৰ প্রতিনিধিয়েও এই বৈঠকত অংশগ্রহণ কৰিব৷ ইয়াৰ সমান্তৰালকৈ এই বৈঠকত নেপাল আৰক্ষী সশস্ত্ৰ আৰক্ষী, ৰাষ্ট্ৰীয় গৱেষণা বিভাগৰ প্ৰতিনিধিও আশা কৰা হৈছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰত আৰু নেপালৰ মাজত গৃহ সচিব পৰ্যায়ৰ বৈঠক ২০১৬ চনৰ ৮-৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
