বলীউডৰ প্ৰবীণ পৰিচালক তথা অভিনেতা ৰাকেশ ৰোশনৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাৰ বাবে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ১৬ জুলাইত তেওঁৰ বুকুৰ তীব্ৰ বিষৰ অভিযোগ উত্থাপন হোৱাৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। পৰীক্ষাৰ পিছত চিকিৎসকে এঞ্জিওপ্লাষ্টিৰ পৰামৰ্শ দিয়ে, যিটো সফলতাৰে কৰা হয়। বৰ্তমান ৰাকেশ ৰোশনৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে যদিও স্বাস্থ্যৰ আকস্মিক অৱনতিৰ খবৰে অনুৰাগী আৰু চলচ্চিত্ৰ জগতৰ মাজত এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে।
খবৰ অনুসৰি এতিয়া ৰাকেশ ৰোশনৰ স্বাস্থ্যৰ উন্নতি ঘটিছে। কিছুদিন আই চি ইউত পৰ্যবেক্ষণত ৰখাৰ পিছত এতিয়া তেওঁক সাধাৰণ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে। পিতৃৰ স্বাস্থ্যৰ তথ্য শ্বেয়াৰ কৰি কন্যা সুনাইনা ৰোশনে কয় যে, দেউতা এতিয়া একেবাৰে ভাল। কিছুমান গুৰুত্বপূৰ্ণ তেজৰ পৰীক্ষা কৰা হৈছিল, যাৰ ৰিপৰ্ট স্বাভাৱিক হৈ পৰিছে। চিন্তাৰ কোনো কথা নাই। ৰাকেশ ৰোশনৰ এই কঠিন সময়ত তেওঁৰ সৈতে উপস্থিত আছে সমগ্ৰ পৰিয়াল। পুত্ৰ হৃতিক ৰোশন, কন্যা সুনাইনা আৰু হৃতিকৰ ঘনিষ্ঠ বন্ধু ছাবা আজাদও চিকিৎসালয়ত অহৰহ উপস্থিত হৈ তেওঁৰ যত্ন লৈ আছে।
ৰাকেশ ৰোশনৰ পূৰ্বে কেন্সাৰ হৈছিল যদিও সফলতাৰে জয় কৰি সুস্থ হৈ উঠিছিল। এই বয়সতো ৰাকেশ ৰোশন একেবাৰে ফিট আৰু সুস্থ। ৰাকেশৰ পুত্ৰ তথা অভিনেতা হৃতিক ৰোশনে সম্প্ৰতি তেওঁৰ আগন্তুক ছবি ‘ৱাৰ ২’ৰ প্ৰচাৰত ব্যস্ত। অৱশ্যে এই সকলো হুলস্থুলৰ মাজতে ঋতিকেও দেউতাকৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখিছে। সম্প্ৰতি ৰাকেশ ৰোশনৰ অৱস্থা সুস্থিৰ আৰু চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। ৰাকেশ সুস্থ হোৱাৰ লগে লগে তেওঁ অতি সোনকালে ‘কৃষ ৪’ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।
ইয়াৰ পূৰ্বে ৰাকেশ ৰোশনে কেন্সাৰৰ দৰে ভয়াৱহ ৰোগক পৰাস্ত কৰি আদৰ্শ দাঙি ধৰিছে। তেওঁ কেৱল ৰোগটোক পৰাস্ত কৰাই নহয়, এই বয়সত নিজকে ফিট আৰু সক্ৰিয় কৰি ৰাখিছে। সম্প্ৰতি তেওঁৰ পুত্ৰ তথা অভিনেতা হৃতিক ৰোশনে তেওঁৰ আগন্তুক ছবি ‘ৱাৰ ২’ৰ প্ৰচাৰত ব্যস্ত, কিন্তু পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁ অহৰহ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখি চিকিৎসালয়ত পৰিয়ালৰ সৈতে উপস্থিত থাকে। বৰ্তমান ৰাকেশ ৰোশনৰ অৱস্থা সুস্থিৰ আৰু চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে অহৰহ প্ৰাৰ্থনা কৰি আছে। তেওঁৰ স্বাস্থ্য সম্পূৰ্ণ ভাল হোৱাৰ লগে লগে। পুনৰ এবাৰ কামলৈ ঘূৰি আহিবলৈ সাজু ৰাকেশ ৰোশনে বহু প্ৰত্যাশিত ছবি ‘কৃষ ৪’ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
