
কামৰূপ, ১৫ জুলাই (হি.স.)। সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাৰ নেতৃত্বত ২০০১ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে চলি অহা গ্ৰীষ্মকালীন অভিনয় প্ৰশিক্ষণৰ ধাৰাবাহিকতাত এইবাৰো ৰঙিয়াৰ কণিহাত এখন সাদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গ্ৰীষ্মকালীন সংগীত আৰু বিশেষ অভিনয় কৰ্মশালাৰ শুভাৰম্ভ হৈছে । সোমবাৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাৰ আনুষ্ঠানিক উদ্বোধন কৰে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক, বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী অৱণীৰঞ্জন পাঠকে।
এই কৰ্মশালাত শতাধিক শিশু, কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰি সংগীত আৰু অভিনয়ৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ লাভ কৰিব। কৰ্মশালাত জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আৰু পুৰুষোত্তম দাসৰ গীতৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব প্ৰশিক্ষণৰ দায়িত্বত থাকিব বিশিষ্ট সংগীত পৰিচালক দীপক বৰুৱা, ৰঞ্জন শৰ্মা আৰু কণ্ঠশিল্পী তৃষ্ণাক্ষী শৰ্মা।
এই কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত অসমীয়া সংগীত আৰু অভিনয়ৰ প্ৰতি আগ্ৰহ জগাই তুলি সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে এই আয়োজন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে পংকজ পল্লৱ শৰ্মাই।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
