বিখ্যাত গায়ক তথা সংগীত শিল্পী অনুপ ঘোষালৰ শুকুৰবাৰে দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৭৭ বছৰ। যোৱা কেইদিনমানৰ পৰা তেওঁ অসুস্থ হৈ আছিল। আনুপৰ মৃত্যুৰ বাবেই চলচ্চিত্ৰ জগতত শোকৰ পৰিৱেশ বিৰাজ কৰিছে। ছচিয়েল মিডিয়াত বহু অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অনুপ ঘোষালে ১৫ ডিছেম্বৰত কলকাতাত শেষ নিশ্বাস ত্যাগ কৰিছিল। অনুপৰ মৃত্যুত পৰিয়ালৰ লগতে অনুৰাগীৰ বাবে গভীৰ স্তম্ভিত হৈ পৰিছে । হিন্দী চিনেমাৰ বিখ্যাত কণ্ঠশিল্পীৰ তালিকাত সদায় অন্তৰ্ভুক্ত হৈ থাকিব অনুপ ঘোষালৰ নাম। বিশেষকৈ ১৯৮৩ চনত অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু অভিনেত্ৰী শ্বাবানা আজমীয়ে অভিনয় কৰা ছবি মাছুমৰ বাবে অনুপ পৰিচিত। এই ছবিখনৰ বাবে তেওঁক সদায় স্মৰণীয় হৈ থাকিব।
ছবিখনৰ গীত তুঝছে নাৰাজ নাহি জিন্দগী…ত অনুপে নিজৰ যাদুকৰী কণ্ঠ দিছিল। অনুপ ঘোষলৰ এই গীতটো এতিয়াও অনুৰাগীৰ হৃদয়ৰ ওচৰত। ৰাজনীতিতো সক্ৰিয় আছিল অনুপ ঘোষাল। ২০১১ চনত অনুপে কংগ্ৰেছৰ হৈ পশ্চিম বংগৰ উত্তৰপাৰা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। অনুপ ঘোষালৰ দুগৰাকী কন্যা সন্তান আছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
