নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। ভাৰত সঞ্চাৰ নিগম লিমিটেডে নতুন বছৰ উপলক্ষে আজি দেশজুৰি ভইচ অভাৰ ৱাই-ফাই (VoWiFi) সেৱা মুকলি কৰে। এই সেৱাই সমগ্ৰ দেশৰ সকলো টেলিকম চক্ৰৰ লোকক ৱাই-ফাই কলিং প্ৰদান কৰিব। এই সেৱাই দুৰ্বল মোবাইল সংকেত থকা অঞ্চল যেনে ঘৰ, কাৰ্যালয়, বেছমেণ্ট, আৰু দূৰৱৰ্তী অঞ্চলতো স্পষ্ট কলিং প্ৰদান কৰিব।
বিএছএনএলৰ মতে, এই সেৱা আইপি মাল্টিমিডিয়া চাবচিষ্টেম (আইএমএছ)ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু ই ৱাই-ফাই আৰু মোবাইল নেটৱৰ্কৰ মাজত নিৰৱচ্ছিন্ন হেণ্ডঅভাৰ সমৰ্থন কৰে। গ্ৰাহকৰ বৰ্তমানৰ মোবাইল নম্বৰ আৰু ফোন ডায়েলাৰ ব্যৱহাৰ কৰি কল কৰিব পাৰি, কোনো তৃতীয় পক্ষৰ এপৰ প্ৰয়োজন নোহোৱাকৈ।
বিএছএনএলে কয় যে এই সেৱা বিশেষভাৱে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত উপকাৰী হ’ব য’ত মোবাইলৰ কভাৰেজ সীমিত। বি এছ এন এল ভাৰত ফাইবাৰ বা অন্যান্য ব্ৰডবেণ্ড সেৱাৰ জৰিয়তে সুস্থিৰ ৱাই-ফাই সংযোগ থকা গ্ৰাহকে সহজে ফোন কৰিব পাৰিব। এই সেৱাই নেটৱৰ্কৰ যানজঁটও হ্ৰাস কৰিব। বিএছএনএলে স্পষ্ট কৰি দিয়ে যে ৱাই-ফাই কলিঙৰ বাবে কোনো অতিৰিক্ত চাৰ্জ লোৱা নহ’ব।
বিএছএনএলে কয় যে ভ’ৱাইফাই সেৱা ইয়াৰ নেটৱৰ্ক আধুনিকীকৰণ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু সমগ্ৰ দেশতে সংযোগ উন্নত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ। বেছিভাগ আধুনিক স্মাৰ্টফোনতে এই সেৱা উপলব্ধ। গ্ৰাহকে কেৱল তেওঁলোকৰ হেণ্ডছেট ছেটিংছত ৱাই-ফাই কলিং বিকল্প সক্ৰিয় কৰিব লাগিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
