অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছী অভিনীত আদালতৰ নাটক জলী এল এল বি ৩ মুক্তি পোৱাৰ ১০ দিন হ’ল। ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে ইতিবাচক সমালোচনা লাভ কৰিছে, যিটো ছবিৰ বক্স অফিচৰ সংগ্ৰহত প্ৰত্যক্ষভাৱে প্ৰতিফলিত হৈছে। যদিও সপ্তাহৰ দিনত ই ভাল প্ৰদৰ্শন কৰা নাছিল, তথাপিও ছুটিৰ দিনত ই যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰিছিল।
বক্স অৱিচ ট্রেকাৰ সেকেনিল্কৰ অনুসৰি ‘জলি এলএলবি ৩’য়ে মুক্তিৰ ১০ম দিন অৰ্থাৎ দ্বিতীয় দেওবাৰে ৬.২৫ কোটি টকাৰ সংগ্রহ কৰিছে। ইয়াৰ সৈতে ছবিখনৰ মুঠ আয় ৯০.৫০ কোটি টকা পৰ্যন্ত পৌছিছে। ৮০ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে বিশ্বজুৰি ১৩০ কোটি টকাৰো অধিক ধন উপাৰ্জন কৰিছে। বৰ্তমান বক্স অৱিচত ইয়াৰ প্ৰতিদ্বন্দ্বিতা ‘ওজি’ আৰু ‘মিৰায়’ৰ দৰে ছবিসকলৰ সৈতে হৈছে।
‘জলি এলএলবি ৩’ৰ নিৰ্দেশনৰ দায়িত্ব সুখাষ কাপূৰে লৈছে। ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছিৰ লগতে সৌৰভ শুক্লা, অমৃতা ৰাও, আৰু হুম কুৰেশ্বী। সফল থিয়েটাৰত চলি থকাৰ পিছত এতিয়া ছবিখনৰ প্ৰিমিয়াৰ হ’ব অ’টিটি প্লেটফৰ্ম জিঅ’ হটষ্টাৰ আৰু নেটফ্লিক্সত, যিটো ২০২৫ চনৰ অক্টোবৰৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে জলি এল এল বিৰ প্ৰথম কিস্তি ২০১৩ চনত মুক্তি পোৱাৰ বিপৰীতে ইয়াৰ দ্বিতীয় কিস্তি ২০১৭ চনত আহিছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
