নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত বহু প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ৰ বাবে অপেক্ষা এতিয়া শেষ, কিয়নো অৱশেষত মুক্তি পালে ‘ৰামায়ণ’ৰ প্ৰথমটো ভিডিঅ’। এই আভাসত ৰণবীৰ কাপুৰক ভগৱান ৰামৰ ৰূপত অতি আকৰ্ষণীয় দেখা গৈছে আৰু তেওঁৰ অৱতাৰ দেখি অনুৰাগীসকল মন্ত্ৰমুগ্ধ হৈ পৰিছে।
‘ৰামায়ণ’ত অভিনেতাসকলৰ উজ্জ্বল কাষ্টিঙে দৰ্শকৰ কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে। এই ছবিখনত ছুপাৰষ্টাৰ যশক ৰাৱণৰ শক্তিশালী চৰিত্ৰত দেখা যাব আৰু টিজাৰত তেওঁক ৰণবীৰ কাপুৰৰ সৈতে মুখামুখিকৈ দেখা যাব। লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে ৰবি ডুবেই, আনহাতে ভগৱান হনুমানৰ চৰিত্ৰত তেওঁৰ শক্তিশালী শৈলীত দেখা যাব ছানী দেওলক। বিভীষণৰ চৰিত্ৰত বিজয় ছেঠুপাঠীক দেখা যাব, আনহাতে শূৰ্পনাখাৰ চৰিত্ৰত নতুন ইমেজত দেখা যাব ৰাকুল প্ৰীত সিঙক। ইয়াৰ উপৰিও অৰুণ গোবিলে ৰজা দশৰথৰ চৰিত্ৰত অভিনয় কৰিছে আৰু কুনাল কাপুৰক ভগৱান ইন্দ্ৰৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ ষ্টাৰকাষ্টলৈ চালে স্পষ্ট হৈ পৰে যে নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিখনে এক ভৱিষ্যৎ আৰু ঐতিহাসিক অভিজ্ঞতা দিবলৈ গৈ আছে।
নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ কেৱল এখন ছবি নহয়, দুটা ভাগত দৰ্শকৰ সন্মুখত আহিব। প্ৰথম খণ্ড ২০২৬ চনৰ দীপাৱলীত মুক্তি পোৱাৰ বিপৰীতে দ্বিতীয় খণ্ড ২০২৭ চনৰ দীপাৱলীত ছবিগৃহত মুক্তি পাব। বিশেষ কথাটো হ’ল ছুপাৰষ্টাৰ যশে কেৱল ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাই নহয়, সহ-প্ৰযোজক হিচাপেও এই প্ৰকল্পৰ সৈতে জড়িত। খবৰ অনুসৰি ‘ৰামায়ণ’ৰ বাজেট প্ৰায় ৮৩৫ কোটি টকা, যাৰ বাবে ই এতিয়ালৈকে সৰ্বাধিক ব্যয়বহুল ভাৰতীয় ছবি। এই গ্ৰেণ্ড প্ৰজেক্টটোক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উৎসাহ আৰু ইয়াৰ বিষয়ে প্ৰতিটো আপডেটৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
