দৰ্শকক মনোৰঞ্জন দিবলৈ পুনৰ উভতি আহিছে অক্ষয় কুমাৰ আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ যুটি। আদালতৰ নাটক ফ্ৰেঞ্চাইজি জলি এল এল বি পুনৰবাৰ বাতৰিৰ শিৰোনাম। ২০১৩ চনত মুক্তি পোৱা প্ৰথমখন জলী এল এল বি আৰ্শ্বাদ ৱাৰ্ছী অভিনীত ছবিখন হিট হৈছিল। ইয়াৰ পিছতে অক্ষয় কুমাৰৰ জলি এল এল বি ২ ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল, এখন সফল ছবি হিচাপে পৰিগণিত হৈছিল। এতিয়া প্ৰায় আঠ বছৰৰ পাছত পৰিচালক সুভাষ কাপুৰে ১৯ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পোৱা তৃতীয় কিস্তি জলি এল এল বি ৩ লৈ আহিছে । ছবিখনৰ মুকলি দিনৰ উপাৰ্জনৰ পৰিসংখ্যাও প্ৰকাশ পাইছে।
চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি অক্ষয় কুমাৰ আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ জলী এল এল বি ৩ মুক্তিৰ প্ৰথম দিনাই ১২.৫০ কোটি টকা উপাৰ্জন কৰে। ছবিখনে আৰম্ভনিৰ দিনাই ১০ কোটিৰো অধিক উপাৰ্জন কৰি ২০২৫ চনৰ বহু ডাঙৰ ব্লকবাষ্টাৰ ছবিক চেৰ পেলাইছে । এই তালিকাত মহাৱতাৰ নৰসিংহ, মিৰায়, কেছাৰী: চেপ্টাৰ ২, জাত, সীতাৰে জমিন পাৰ, আৰু ভূল চুক মাফৰ দৰে ব্লকবাষ্টাৰ ছবি অন্তৰ্ভুক্ত কৰা হৈছে।
জলী এল এল বিত আৰ্শ্বাদ ৱাৰ্ছিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে জলী এল এল বি ২ত অক্ষয় কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া ফ্ৰেঞ্চাইজিৰ তৃতীয় সংস্কৰণত দুয়োগৰাতী জলী অৰ্থাত অক্ষয় আৰু আৰ্শ্বাদ দুয়োৰে মাজত আদালতৰ কক্ষত সংঘৰ্ষ হোৱা দেখা গৈছে। সৌৰভ শুক্লাই বিচাৰক হিচাপে নিজৰ স্মৰণীয় ভূমিকা পুনৰ পালন কৰে। হুমা কুৰেশ্বি আৰু অমৃতা ৰাও পুনৰ নিজৰ নিজৰ আগৰ ভূমিকালৈ ঘূৰি আহে। সুভাষ কাপুৰৰ পৰিচালিত ছবিখনে ছ’চিয়েল মিডিয়াত প্ৰচণ্ড প্ৰশংসা লাভ কৰিছে, আৰু ইয়াৰ প্ৰভাৱ দৰ্শকৰ আলোচনাত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
