বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হৈছে মালাইকা অৰোৰা। ছবিত তেঁওক খুব কমেইহে দেখা যায় যদিও কোনো নহয় কোনো কাৰণত সদায় বাতৰিৰ শিৰোনামত থাকে। শেহতীয়াকৈ তেওঁ নিজৰ জন্মদিন উদযাপন আৰু নিজৰ সঠিক বয়সৰ কথা প্ৰকাশ কৰিছে।
সোমবাৰে মালাইকাৰ জন্মদিন আছিল। গোটেই দিনটো ছ’চিয়েল মিডিয়াত তেওঁৰ অনুৰাগী আৰু মনোৰঞ্জন জগতৰ বন্ধু-বান্ধৱীৰ শুভেচ্ছাৰ সোঁত বৈছিল। সকলোৱে ভাবিছিল যে এয়া তেওঁৰ ৫০ বছৰীয়া জন্মদিন, কিন্তু সেয়া নহ’ল। সোমবাৰে তেওঁৰ কিছুমান ছবি শ্বেয়াৰ কৰাৰ সময়ত কেপচনত তেওঁৰ বয়সৰ কথা উল্লেখ কৰে।
কোনো ভৱ্য অনুষ্ঠান উদযাপন নকৰাকৈয়ে মালাইকাই জন্মদিন উদযাপন কৰে। শ্বেয়াৰ কৰা ছবিবোৰত তেওঁক নিজৰ প্ৰিয় স্থানত নিজৰ প্ৰিয় খাদ্য খাই থকা দেখা গৈছে । এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত তেওঁ তলৰ কেপচনত স্পষ্ট কৰি দিয়ে যে তেওঁৰ বয়স ৫০ নহয় ৪৮ বছৰ। তেওঁ লিখিছে যে তেওঁ ৪৮ সংখ্যক জন্মদিন পালন কৰিছিল। গতিকে ইমান দিনে সকলোৱে মলাইকাৰ বয়সক ভুল বুলি বিবেচনা কৰি আছিল। মালাইকাই নিজেই সকলোৰে সেই ধাৰণাটো দূৰ কৰিছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
