ক’লে- ‘এই কথা আগতে শুনা হ’লে ভাল আছিল’
শেহতীয়াকৈ ছলমান খানক ‘চিকন্দৰ’ ছবিত দেখা গৈছিল আৰু এইকেইদিন তেওঁ ব্যস্ত হৈ পৰিছে পৰিচালক অপূৰ্ব লাখিয়াৰ গলৱান উপত্যকাৰ সংঘাতৰ আধাৰত নিৰ্মিত ‘গলৱান যুদ্ধ’ৰ প্ৰস্তুতিত। ইফালে ছলমানৰ এটা ছ’চিয়েল মিডিয়া পোষ্ট ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ পিতৃ চেলিম খানক স্মৰণ কৰি আৱেগিক উল্লেখ কৰিছে। অনুৰাগী আৰু চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি সাধাৰণ দৰ্শকলৈকে সকলোৱে এই পোষ্টটোৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। কাৰণ ছলমানে কি লিখিছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
ছলমান খান ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰায়ে ব্যক্তিগত মুহূৰ্ত বা প্ৰেৰণাদায়ক চিন্তা নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে। শেহতীয়াকৈ তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছিল, যিটো অতি কম সময়ৰ ভিতৰতে আলোচনাৰ বিষয় হৈ পৰিছিল। তেওঁ পিতৃ চেলিম খানৰ এটা শিক্ষা শব্দৰে প্ৰকাশ কৰিছে। তেওঁ লিখিছে, বৰ্তমান সেই সময় যিটো পিছলৈ আপোনাৰ অতীত হৈ পৰে আৰু একেটা অতীতে আপোনাৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰে। গতিকে বৰ্তমানক উপহাৰ বুলি গণ্য কৰি সঠিকভাৱে ব্যৱহাৰ কৰা উচিত। ভুলবোৰ যদি বাৰে বাৰে পুনৰাবৃত্তি হয়, তেন্তে সেইবোৰ অভ্যাসত পৰিণত হয় আৰু তাৰ পিছত লাহে লাহে সেই অভ্যাসবোৰে আপোনাৰ চৰিত্ৰ গঢ় দিবলৈ আৰম্ভ কৰে। আনক দোষ নিদিব, কাৰণ আপুনি নিজে কৰিব নিবিচৰা কামটো কৰিবলৈ কোনো ব্যক্তিয়ে আপোনাক বাধ্য কৰিব নোৱাৰে।
ছলমানে আৰু লিখিছে, মোৰ দেউতাই মাত্ৰ মোক এই কথা কৈছিল আৰু মই উপলব্ধি কৰিলোঁ যে এইটো কিমান গভীৰভাৱে সত্য। মই এই কথা আগতে শুনিলে ভাল আছিল। ‘বেটল অৱ গালৱান’ৰ উপৰিও ছলমানে তেওঁৰ ছুপাৰহিট ছবি ‘বজৰংগী ভাইজান’ৰ ছিকুৱেলতো ঘূৰি আহিছে। ইতিমধ্যে ‘বজৰংগী ভাইজান ২’ক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনা।
উল্লেখযোগ্য যে ২০১৫ চনত মুক্তি পোৱা ‘বজৰংগী ভাইজান’ মাত্ৰ ৯০ কোটি টকাৰ বাজেটত নিৰ্মাণ হোৱাৰ পিছতো বিশ্বজুৰি ৯১৮ কোটি টকাৰ অভিলেখ ভংগকাৰী উপাৰ্জন কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
