ইউটিউবাৰ তথা ‘বিগ বছ অ’টিটি-২’ বিজয়ী এলভিছ যাদৱৰ বিৰুদ্ধে ৰেভ পাৰ্টিত সাপৰ বিষ আৰু বিদেশী ছোৱালীক যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যদিও তেওঁ এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত এলভিছৰ এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বলীউডৰ ভাইজান ছলমান খানৰ বিষয়ে এলভিছৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ছলমানৰ সৈতে ফটোখন শ্বেয়াৰ কৰাৰ সময়ত এলভিছে লিখিছে, ‘সময় এটা অতি আচহুৱা কথা, মই ইয়াক স্বীকাৰ কৰিছো। তুমি ইমান ঘনিষ্ঠ আছিলা, এতিয়া তুমি ইমান সলনি হৈছা।’
উত্তৰ প্ৰদেশৰ নয়ডা চহৰৰ ছেক্টৰ ৪৯ থানাত এলভিছৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। এই গোচৰত আন পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ এলভিছে কৈছিল, “বৰ্তমানৰ গোচৰৰ পৰা মই এটা কথা শিকিছো যে জীৱনত উত্থান-পতন, আনন্দ-দুখ আছে। যি হৈ আছে ঠিকেই আছে। জীৱনটো এনেকুৱা। মোৰ কোনো দুখ নাই। এনেবোৰ কথা হৈয়েই থাকে আৰু এইবোৰ অবিহনে জীৱনৰ অৰ্থ কি?”
হিন্দুস্থান সমাচাৰ/লোকেশ/অৰৱিন্দ/মনোজ
