বিখ্যাত অভিনেতা তথা গায়ক দিলজিৎ দোসাঞ্জৰ গীত সমগ্ৰ বিশ্বতে বিখ্যাত। পাঞ্জাবী গীতৰ লগতে তেওঁ বলীউডৰ কিছুমান ছবিতো অভিনয় কৰিছে। এই কাৰণেই তেওঁৰ অনুৰাগীৰ সংখ্যা অতি বেছি। গীত আৰু অভিনয়ৰ বাবে অনুৰাগীৰ মাজত সদায় শলাগ লোৱা দিলজিতক বৰ্তমান ট্ৰ’ল কৰা হৈছে। ইয়াৰ কাৰণ হ’ল তেওঁৰ এখন ছবিৰ ট্ৰেইলাৰ পাকিস্তানী অভিনেত্ৰীৰ সৈতে শ্বেয়াৰ কৰিছে। ইয়াৰ বাবেই দিলজিত বিতৰ্কৰ মাজত সোমাই পৰিছে।
অহা ২৭ জুনত বিশ্বজুৰি মুক্তি পাব দিলজিতৰ আগন্তুক ছবি ‘চৰ্দাৰ জী-৩’। ইয়াত মুখ্য চৰিত্ৰত দেখা যাব দিলজিতক। অৱশ্যে তেওঁ শ্বেয়াৰ কৰা ট্ৰেইলাৰটোত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰকো দেখা গৈছে। এই ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব হানিয়াক। ২২ এপ্ৰিলত পেহেলগাম আক্ৰমণৰ পিছত ভাৰতত সকলো পাকিস্তানী শিল্পীৰ একাউণ্ট নিষিদ্ধ কৰা হয়। সেই সময়ত অভিনেত্ৰী বাণী কাপুৰ আৰু পাকিস্তানী অভিনেতা ফাৱাদ খান অভিনীত ‘আবিৰ গুলাল’ ছবিখনো বাতৰিৰ শিৰোনামত আছিল। অৱশ্যে ভাৰততো এই ছবিখন নিষিদ্ধ কৰা হৈছিল। ইয়াৰ বাবে ছবিখন মুক্তি দি পৰা নগ’ল। ইয়াৰ পিছত দিলজিতে ছবিখনৰ ট্ৰেইলাৰ হানিয়া আমিৰৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু নেটিজেনে তেওঁক কমেন্ট কৰি বহুত ট্ৰ’ল কৰে।
খবৰ অনুসৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে দিলজিৎ দোসাঞ্জে ‘চৰ্দাৰ জী ৩’ৰ শ্বূটিং সম্পূৰ্ণ কৰিছিল। শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে। বিশেষ কথাটো হ’ল এই ছবিখন ভাৰতত মুক্তি নাপাব যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পাব। কিন্তু ট্ৰেইলাৰত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ উপস্থিতি দেখি বহু দৰ্শকে ক্ষুব্ধ হৈ পৰিছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন ভাৰতীয় পৰ্যটক নিহত হৈছিল। এই আক্ৰমণৰ পিছত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সকলো পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰে। এই পটভূমিত যেতিয়া ‘চৰ্দাৰ জী ৩’ৰ ট্ৰেইলাৰত হানিয়া আমিৰক দেখা গৈছে, তেতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। বহু ব্যৱহাৰকাৰীয়ে দিলজিৎ দোসাঞ্জৰ পৰা উত্তৰ দাবী কৰি এই সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই বিতৰ্কৰ বাবেই দিলজিত আকৌ এবাৰ সমালোচকৰ লক্ষ্য হৈ পৰিছে।
ইফালে ছানী দেওলৰ ছবি ‘বৰ্ডাৰ ২’তো দেখা যাব দিলজিতক। এই কাৰণেই যে এফালে তেওঁ এই দেশপ্ৰেমমূলক ছবিখনৰ কাম কৰি থকাৰ সময়তে আনফালে পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়াৰ বাবে অভিনেতাজনক ট্ৰল কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
