দক্ষিণ চিনেমাৰ মেগাষ্টাৰ চিৰঞ্জীৱীয়ে তেওঁৰ আগন্তুক ছবি ‘বিশ্বম্ভৰা’ক লৈ দীৰ্ঘদিন ধৰি শিৰোনাম দখল কৰি আহিছে। বিপুল বাজেট আৰু গ্ৰেণ্ড চেটত নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে বশিষ্ঠ মল্লীদীয়ে। এইখন চিৰঞ্জীৱীৰ কেৰিয়াৰৰ অন্যতম অভিলাষী ছবি বুলি গণ্য কৰা হয়, যাৰ বাবে দৰ্শকৰ মাজত প্ৰচণ্ড উৎসাহ। শেহতীয়াকৈ চিৰঞ্জীৱীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক এটা ডাঙৰ আপডেট দিছিল। এই ভিডিঅ’টোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে ছবিখনৰ শ্বুটিং পলম হোৱাৰ আঁৰত কিছু কাৰিকৰী আৰু প্ৰডাকচন সম্পৰ্কীয় কাৰণ আছে। অৱশ্যে তেওঁ লগতে কয় যে দলটোৱে কঠোৰ পৰিশ্ৰম কৰিছে আৰু এতিয়া অপেক্ষা শেষ হ’বলৈ ওলাইছে।
চিৰঞ্জীৱীয়ে ঘোষণা কৰে যে অহা ২১ আগষ্টৰ সন্ধিয়া ৬:০৬ বজাত ‘বিশ্বম্ভৰা’ৰ পৰা তেওঁৰ প্ৰথম আভাস মুক্তি পাব। বিশেষ কথাটো হ’ল পিছদিনা অৰ্থাৎ ২২ আগষ্ট তেওঁৰ জন্মদিন, গতিকে অনুৰাগীসকলে এই আপডেটটোক তেওঁৰ বাবে বিশেষ উপহাৰ হিচাপে দেখিছে। ২০২৬ চনৰ গ্রীষ্মকালত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব বুলিও তেওঁ প্রকাশ কৰে৷ এই ঘোষণাৰ লগে লগে ছ’চিয়েল মিডিয়াত ‘বিশ্বম্ভৰা’ ট্ৰেণ্ডিং হ’বলৈ ধৰিলে আৰু অনুৰাগীসকলে প্রথম লুকটো চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷
কাহিনী আৰু কাষ্টিঙৰ ক্ষেত্ৰতো এই ছবিখন বিশেষ। ‘বিশ্বম্ভৰা’ত চিৰঞ্জীৱীৰ বিপৰীতে দেখা যাব তৃষা কৃষ্ণন। প্ৰথমবাৰৰ বাবে এই যুটিটোক ডাঙৰ পৰ্দাত একেলগে দেখা যাব, যিটোক লৈ দৰ্শক অতিশয় উৎসাহিত। একে সময়তে অভিনেতা কুনাল কাপুৰে ছবিখনত এজন শক্তিশালী খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে, যিটো ছবিখনৰ এক গুৰুত্বপূৰ্ণ আকৰ্ষণ হ’ব। প্ৰডাকচন হাউছৰ মতে, ছবিখনত গ্ৰেণ্ড ভিজুৱেল ইফেক্ট, শক্তিশালী একচন ছিকুৱেন্স আৰু ডাঙৰ সংগীত থাকিব। উদ্যোগ বিশেষজ্ঞসকলৰ মতে চিৰঞ্জীৱীৰ ফিল্মগ্ৰাফীত ‘বিশ্বম্ভৰা’ এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
