আকৌ এবাৰ দৰ্শকৰ মুখামুখি হ’বলৈ সাজু হৈছে বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফ। যোৱা ১২ জানুৱাৰী শুকুৰবাৰে পৰ্দাত মুক্তি লাভ কৰিছে কেটৰিনা কাইফ আৰু চাউথ ষ্টাৰ বিজয় ছেঠুপাঠী অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছ’। এই ছবিখনত দৰ্শকে এটা চমকপ্ৰদ কাহিনী চাবলৈ পাব। যোৱা কেইদিনমানৰ পৰা চৰ্চা চলি থকা এই ছবিখন চাবলৈ এতিয়া আগ্ৰহী দৰ্শকসকল। লগতে সকলোৰে মনোযোগ এই ছবিখনে প্ৰথম দিনাই কিমান উপাৰ্জন কৰিব। অৱশ্যে বিশেষজ্ঞসকলক বিশ্বাস কৰিবলৈ হ’লে এইখন হ’ব কেটৰিনাৰ সৰ্বনিম্ন উপাৰ্জনকাৰী ছবি।
প্ৰতিবেদন অনুসৰি, কেটৰিনা কাইফ আৰু বিজয় ছেঠুপাঠী অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছ’ প্ৰথম দিনাই বক্স অফিচত ১.৫ কোটি টকা উপাৰ্জন কৰিব পাৰে। অৱশ্যে কিছুমান বন্ধৰ দিনতো ছবিখনে লাভৱান হ’ব পাৰে। ‘মেৰী খ্ৰীষ্টমাছ’ মুক্তিৰ মাজতো এটা দীঘলীয়া উইকেণ্ড আহে। গতিকে দৰ্শকে এই ছবিখন চাবলৈ চিনেমা হললৈ যাব পাৰে। কেৱল এয়াই নহয়, মেৰী খ্ৰীষ্টমাছ মুক্তিৰ সময়ত কোনো ডাঙৰ বাজেটৰ ছবি মুক্তি পোৱা নাই। ইয়াৰ পৰা ছবিখনেও লাভৱান হ’ব পাৰে।
কিন্তু আনুমানিক প্ৰথম দিনাৰ বক্স অফিচ সংগ্ৰহৰ পৰিসংখ্যা অনুসৰি এই ছবিখন অভিনেত্ৰী কেটৰিনা কাইফৰ চলচ্চিত্ৰ কেৰিয়াৰৰ আটাইতকৈ কম ওপেনিং ছবি বুলি কোৱা হৈছে। কেটৰিনা কাইফৰ ছবিখনে যদি প্ৰথম দিনাই ১.৫ বা ২ কোটি টকা উপাৰ্জন কৰে, তথাপিও কেটৰিনাৰ বাবে ই হ’ব সৰ্বনিম্ন ওপেনিং। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেত্ৰী কেটৰিনা কাইফৰ কোনো এখন ছবিয়ে ইমান কম কোটিৰ ওপেনিং পোৱা নাই। কেটৰিনা কাইফৰ ছুপাৰ ফ্লপ ছবি ফোন ভূত প্ৰথম দিনাই বক্স অফিচত ২.০৫ কোটি টকা সংগ্ৰহ কৰে।
‘মেৰী খ্ৰীষ্টমাছ’ ছবিখন পৰিচালনা কৰিছে শ্ৰীৰাম ৰাঘৱনে। এইখন এখন ছাচপেন্স থ্ৰিলাৰ ছবি। ছবিখনত কেটৰিনা কাইফ আৰু বিজয় ছেঠুপাঠীক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। অনুৰাগী সকলে এই ছবিখনৰ ট্ৰেইলাৰ আৰু গীতবোৰ অতিশয় ভাল পাইছে।
হিন্দুস্থান সমাচাৰ / লোকেশ চন্দ্ৰ/মনোজ
