সকলোৰে হয়তো মনত আছে ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ছবিখন। এই ছবিখনে বলীউডক তিনিটা উজ্জ্বল তাৰকা বৰুণ ধৱন, সিদ্ধাৰ্থ মালহোত্ৰা আৰু আলিয়া ভাটক প্ৰদান কৰিছিল। তিনিওজনে এই ছবিখনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু আজি তেওঁলোক উদ্যোগটোৰ আটাইতকৈ জনপ্ৰিয় মুখৰ ভিতৰত অন্যতম। ছবিখনৰ আন অভিনেতাসকলকো দৰ্শকে প্ৰশংসা কৰে। কিন্তু এতিয়া একেখন ছবিৰ সৈতে জড়িত এজন অভিনেতাই অভিনয়ৰ জগতখনৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যিটোৱে তেওঁৰ অনুৰাগী আৰু উদ্যোগটোৰ মানুহক স্তম্ভিত কৰি তুলিছে।
‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনত ‘ছুডো’ৰ স্মৰণীয় চৰিত্ৰত অভিনয় কৰা অভিনেতা কায়োজ ইৰাণীয়ে এতিয়া অভিনয়ৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত লৈছে। কায়োজে ছবিখনত বৰুণ ধৱন, আলিয়া ভাট আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বেষ্ট ফ্ৰেণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে, এই মুহূৰ্তত মোৰ অভিনয়লৈ ঘূৰি অহাৰ কোনো পৰিকল্পনা নাই। কেমেৰাৰ আঁৰত কাম কৰাটো মোৰ বাবে বহুত বেছি আৰামদায়ক আৰু সন্তুষ্টিদায়ক। মই এইটোও বুজি পাইছো যে অভিনয় মোৰ বাবে নিৰ্মিত নহয়। মই যদি কোনো ছবিত অভিনয় নকৰো, তথাপিও আপুনি মোক ছবি প্ৰযোজনা কৰা দেখিবলৈ পাব। তেওঁ লগতে কয়, কেতিয়াবা মই অনুভৱ কৰো যে মই মানুহক হতাশ কৰিছো, কিন্তু সঁচা কথা ক’বলৈ গ’লে অভিনয় এতিয়া মোৰ বাবে সহজ কথা নহয়।
‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰা আৰু প্ৰবীণ অভিনেতা বোমান ইৰানীৰ পুত্ৰ কায়োজ ইৰাণীয়ে এতিয়া পৰিচালনাৰ জগতখনত ভৰি দিছে। ছবিখনত অভিনয় কৰি কায়োজে বহু প্ৰশংসা লাভ কৰিলেও আশা কৰা ধৰণে জনপ্ৰিয়তা নাপালে। ইয়াৰ পিছত তেওঁ কেমেৰাৰ আঁৰত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কাৰ্তিক আৰিয়ানৰ ‘ধমাকা’ ছবিত সহকাৰী পৰিচালকৰ ভূমিকা পালন কৰে। এতিয়া কায়োজে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে ‘ছৰজমিন’ ছবিখনৰ জৰিয়তে, য’ত কাজোল, ইব্ৰাহিম আলী খান আৰু পৃথ্বীৰাজ সুকুমাৰনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। কায়োজৰ এই সিদ্ধান্তক বহুতে শলাগ লোৱাৰ বিপৰীতে তেওঁৰ পৰিবৰ্তনত একাংশ লোকেও আচৰিত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
