

শোণিতপুৰ, ফেব্ৰুৱাৰী : শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাঁও প্ৰশিক্ষণ কেন্দ্ৰত ধানৰ সৱলীকৰণ পদ্ধতি (Systematic Rice Intensification ) ৰ ওপৰত এক প্ৰশিক্ষণ অনুষ্ঠিত হয় । যুটীয়া কৃষি সঞ্চালক ( উত্তৰ সংমণ্ডল ) ভৱানী নাথ, জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, অতিৰিক্ত কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, মহকুমা কৃষি বিষয়া প্ৰণৱ বৰা, মাফাজুৰ ৰহমান, কৃষি কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়া, কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰা, সাৰাংগপানী কেওঁত, দিপাংকৰ বাৰিক, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ এছ এম এছ ড০ ৰঞ্জিত বৰদলৈ, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক নৃপেন ৰাজবংশী, চমছেৰ আহমেদ, বিনয় শৰ্মাৰ উপস্থিতত ৬০ ৰো অধিক পুৰুষ আৰু মহিলা কৃষকক খাদ্য আৰু পৰিপুষ্টি আচঁনিৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
ইয়াৰ পিছতেই উত্তৰ সংমণ্ডলৰ যুটীয়া কৃষি সঞ্চালকৰ কাৰ্য্যালয় চৌহদত উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশীয় ৰাজ্যৰ বাবে বাবে উদ্যান শস্য অভিযান আঁচনি ( HMNEH ) আৰু ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা (RKVY) আচঁনিৰ অধীনত কৃষি আৰু আনুষংগিক যন্ত্ৰপাতি কৃষকসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশীয় ৰাজ্যৰ বাবে বাবে উদ্যান শস্য অভিযান আঁচনি ( HMNEH ) অধীনত জিলাখনৰ ১৫ জন কৃষকক প্ৰতিটোত ৫৪০০০ টকা মূল্যৰ পিঠাগুড়ি খুণ্ডা মেচিন সম্পূর্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয় । লগতে ৩,৫৪০০০ টকা মূল্যৰ ৫ জন কৃষকক SOLAR BUBBLE DRYER, ৪০,৩২০টকা মূল্যৰ খেৰ কটা মেছিন ১৩ জন কৃষকক আৰু প্ৰতিটোত ৬০,১৮০টকা মূল্যৰ ঘাঁহ কটা মেছিন ৩ জন কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰন কৰা হয় । এই অনুষ্ঠানতে ২২,৪৯৭ টকা মূল্যৰ ট্ৰাই চাইকেল ৯০ শতাংশ ৰেহাই মূল্যত চাৰিজন কৃষকক ট্ৰাই চাইকেল প্ৰদান কৰা হয় ।
উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশীয় ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনিৰ (HMNEH) অধীনত ৰাক্ষশমাৰী কৃষি চক্ৰৰ বন্তি দেৱী, বিন্দুকুৰি কৃষি চক্রৰ হেমেন বৰা, বালিপাৰা কৃষি চক্রৰ কাজল চৰকাৰকে ধৰি বিহগুৰী কৃষি চক্ৰ, ঢেকিয়াজুলি, ঠেলামৰা, চিৰাজুলী, চিলাবন্ধা, ডিপোটা কৃষি চক্ৰৰ ১৩ জন কৃষকক বিনামূলীয়াকৈ খেৰ কটা যন্ত্ৰ প্ৰদান কৰা হয় । বালিপাৰা কৃষি চক্রৰ লিটন চৰকাৰ, ঢেকিয়াজুলি কৃষি চক্ৰৰ পল্লৱ নাথ, বিহগুৰী কৃষি চক্ৰৰ মোহন দাসক ঘাঁহ কটা মেছিন প্ৰদান কৰা হয়, বিন্দুকুৰি কৃষি চক্রৰ মঞ্জু বৰা, বৰ্ণালী বড়ো, জুলি বড়ো, নিতুমনি শইকীয়াকে ধৰি ১৫ জনক পিঠাগুৰি খুন্দা মেচিন সম্পূর্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয় । ইয়াৰ উপৰিও ডিপোটা কৃষি চক্ৰৰ অমৃত মাধুৰী দেৱী, বিন্দুকুৰি কৃষি চক্রৰ ৰাজিৱ বৰুৱা, ঢলাইবিল কৃষি চক্রৰ উজ্জ্বল দাস,চিলাবন্ধা কৃষি চক্ৰৰ অঞ্জন নাথ, বিহগুৰী কৃষি চক্ৰৰ কমল কুমাৰী বড়োক সৌৰ চালিত ধান শুকোৱা যন্ত্ৰ বিনামূলীয়াকৈ প্ৰদান কৰা হয় । আনহাতে ৰাষ্ট্রীয় কৃষি বিকাশ যোজনাৰ অধীনত ৯০℅ ৰেহাই মূল্যত চাৰিজন কৃষকক ট্ৰাই চাইকেল আনুষ্ঠানিকভাৱে প্ৰদান কৰা কৰিলে উত্তৰ সংমণ্ডলৰ যুটীয়া কৃষি সঞ্চালক ভৱানী নাথ, জিলা কৃষি বিষয়া পঙ্কজ কুমাৰ শইকীয়াই ।
