তিনিচুকিয়া: ডিগবৈ মহিলা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰী একতা সভাৰ উদ্যোগত প্ৰতিমাহে প্ৰকাশ কৰি অহা প্ৰাচীন পত্ৰিকা ৰাইটাৰ্চ ব্লক আজি উন্মোচন কৰে এল বি ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত বড়োৱে। এই মাহৰ প্ৰাচীৰ পত্ৰিকাখন মিচিং জনগোষ্ঠীৰ আলি আই লিগাঙৰ ওপৰত বিশেষ ভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে বুলি সদৰি কৰিছে ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদীকা দীপামণি বসুমতাৰী আৰু আলোচনী বিভাগৰ সম্পাদীকা হিৰোচিমা ডাঙৰীয়াই।
প্ৰাচীৰ পত্ৰিকা উন্মোচনী সভাত অধ্যক্ষা ড° সঞ্জীতা চেতিয়া, উপাধ্যক্ষ ড° জুবিয়েল কলিতা,ইংৰাজী বিভাগৰ অধ্যাপক ড° পঙ্কজ লোচন গগৈ, সাংবাদিক বিনন্দ কোঁৱৰকে ধৰি শিক্ষক-ছাত্ৰী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
