অভ্যৰ্থনা সমিতি গঠন
গুৱাহাটী, ২০ ফেব্ৰুবাৰী : বুৰঞ্জী প্ৰসিদ্ধ কাজলীমুখক বিশ্বৰ দৰবাৰত উজ্জ্বলাই তোলা আৰু এখন ঐতিহ্যমণ্ডিত পৰ্যটন ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উদ্বোধনী বৰ্ষৰ কাজলী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। আহোম ৰাজৰ পশ্চিম সীমা কাজলীমুখত কাজলী মহোৎসৱ উদযাপন কৰাৰ বাবে কালি এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।
কাজলী মহোৎসব উদযাপনৰ উদ্দেশ্যে ইণ্ডিজিনাচ পি’পল অফ ম্যুং-ডুন – চ্যুন -খাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ আহ্বানত কামৰূপ মহানগৰৰ বৰবৰীস্থিত ৰাজধানী টাই আহোম সাংস্কৃতিক ক’লা বিকাশ কেন্দ্ৰত কালি অনুষ্ঠিত কৰা হৈছিল এখন সাধাৰণ সভা। আহ্বায়ক সমিতিৰ সচিব প্ৰধান অনুপ আৰন্ধৰাক সভাপতি , অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি , জ্যেষ্ঠ সাংবাদিক হিলদুল , টাইপাৰ ক্ৰমে দেৱজিৎ বুঢ়া গোহাঁই , বিশ্বজিৎ ফুকন , বীৰ লাচিত সেনাৰ দ্বীপজ্যোতি গগৈ , ম্যুং-ডুন-চ্যুন -খামৰ হেমজিৎ দেওধাই ফুকন আৰু কুমাৰ সপ্তৰ্ষি আৰন্ধৰাক যুটীয়া সম্পাদক হিছাপে লৈ এখন অভ্যৰ্থনা সমিতি খন গঠন কৰা হয় । অভ্যৰ্থনা সমিতি খনক সহায় কৰাৰ বাবে ১৫ খন উপসমিতি গঠন কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে কাজলী মহোৎসব উদযাপনৰ অভ্যৰ্থনা সমিতিয়ে।
উল্লেখ্য যে কাজলী মহোৎসব উদযাপনৰ বাবে গঠন হোবা অভ্যৰ্থনা সমিতি গঠনৰ সাধাৰণ সভাখন সঞ্চলনা কৰিছিল ৰাজধানী টাই আহোম ক’লা কৃষ্টি বিকাশ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি দুলাল গোহাঁয়ে বুলি উদযাপন সমিতিৰ সভাপতি অনুপ আৰন্ধৰা আৰু যুটীয়া সম্পাদক হিলদুল গগৈয়ে প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।
