বৰ্তমান বলীউড উদ্যোগত বিভিন্ন বিষয়ৰ ওপৰত ছবি নিৰ্মাণৰ কাম চলি আছে। এয়া বাস্তৱ পৰিঘটনাৰ পৰা আৰম্ভ কৰি বিখ্যাত ব্যক্তিত্বৰ ওপৰত ৱেব ধাৰাবাহিক আৰু তথ্যচিত্ৰলৈকে। এনে ৱেব চিৰিজে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে আৰু সকলোতে চৰ্চা চলি থকা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জীৱনৰ ওপৰতো ছবি নিৰ্মাণ কৰা হৈছে। এতিয়া দেশৰ অন্যতম বৃহৎ সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ ওপৰত এখন ৱেব চিৰিজ নিৰ্মাণ কৰিবলৈ ওলাইছে। আৰ এছ এছৰ ১০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই ৱেব ছিৰিজখন মুকলি কৰা হ’ব। ৱেব ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে ৬ জন ভিন্ন পৰিচালকে।
ছ’চিয়েল মিডিয়াত এই তথ্য দিছে বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে। তেওঁ ৱেব ছিৰিজৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে, য’ত এজন মানুহক আৰ এছ এছৰ সাজ-পোছাক পিন্ধা দেখা গৈছে। পোষ্টাৰখনত ধাৰাবাহিকখনৰ বিষয়েও তথ্য শ্বেয়াৰ কৰা হৈছে।
পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত তৰণ আদৰ্শে কেপচনত লিখিছে, ‘৬ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালকে একত্ৰিত হৈ আৰ এছ এছৰ ১০০ বছৰৰ আনন্দ উদযাপনৰ বাবে আগবাঢ়িছে। ইয়াৰ নাম দিয়া হৈছে ‘ওৱান নেচন’। প্ৰিয়দৰ্শন, বিবেক অগ্নিহোত্ৰী, চন্দ্ৰপ্ৰকাশ দ্বিবেদী, মঞ্জু বৰা, জন মেথিউ মথান আৰু সঞ্জয় পুৰনসিং চৌহানে পৰিচালনা কৰিব এই ধাৰাবাহিকখন।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
