জয়পুৰ, ২০ আগষ্ট (হি.স.)। ৰাজস্থানৰ কন্যা মণিকা বিশ্বকৰ্মাই অৰ্জন কৰিছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ৰ খিতাপ। ৰাজস্থানৰ জয়পুৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ ৰিয়া সিংহাই মণিকাক পিন্ধালে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ মুকুট।
ফাইনেল ৰাউণ্ডৰ সময়ত এক আকৰ্ষণীয় প্ৰশ্ন সোধা হৈছিল মণিকাক। মণিকাই খুব সুন্দৰভাৱে উত্তৰ দিছিল সেই প্ৰশ্নৰ। এই উত্তৰ দি মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ৰ খিতাপ জয় কৰে মণিকাই। ফাইনেলত মণিকাক সোধা হৈছিল, ‘যদি তুমি নাৰী শিক্ষাৰ প্ৰচাৰ আৰু দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিক সহায় প্ৰদান, এই দুটাৰ যিকোনো এটা বাচি ল’বলগীয়া হয় তেন্তে কোনটো ল’বা?’ ইয়াৰ উত্তৰত মণিকাই কয়, ‘নাৰীসকল দীৰ্ঘদিন ধৰি শিক্ষাৰ পৰা বঞ্চিত। ইয়াৰ ফলত আমাৰ জনসংখ্যাৰ অৰ্ধেকক শিক্ষাৰ পৰা দূৰত ৰখা হৈছে আৰু ইয়াৰফলত বহু দৰিদ্ৰ পৰিয়াল আছে। সেয়ে যদি মই সুযোগ পাওঁ তেন্তে মই নাৰী শিক্ষাক মোৰ অগ্ৰাধিকাৰ হিচাপে ৰাখিম।’
তেওঁ আৰু কয়, ‘ই কেৱল এজন ব্যক্তিৰ জীৱন সলনি নকৰে, ই এই দেশ আৰু এই বিশ্বৰ ভৱিষ্যতৰ সম্পূৰ্ণ স্তৰকে সলনি কৰিব। যদিও দুয়োটা বিষয়ে গুৰুত্বপূৰ্ণ, মূল বিষয় হ’ল এনে পদক্ষেপ লোৱা যিটো দীৰ্ঘম্যাদীভাৱে সহায়ক হ’ব পাৰে।’
মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ মণিকা বিশ্বকৰ্মা ৰাজস্থানৰ শ্ৰী গংগানগৰৰ বাসিন্দা আৰু বৰ্তমান দিল্লীত বসবাস কৰে, য’ত তেওঁ পঢ়া-শুনা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰস্তুতি চলায়। ৰাষ্ট্ৰবিজ্ঞান আৰু অৰ্থনীতিৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী মণিকাই বিগত বৰ্ষত মিছ ইউনিভাৰ্ছ ৰাজস্থানৰ খিতাপ জিকিছিল।
এই প্ৰতিযোগিতাত মণিকাই ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ খিতাপ জিকাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ তানিয়া শৰ্মা প্ৰথম ৰানাৰ-আপ, হাৰিয়ানাৰ মেহক ধিংড়া দ্বিতীয় ৰানাৰ-আপ আৰু আমিশী কৌশিকে তৃতীয় ৰানাৰ-আপৰ সন্মান অৰ্জন কৰে। মণিকাই এতিয়া এই বছৰৰ নৱেম্বৰত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৭৪সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
