প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু বনী কাপুৰৰ দুহিতা জাহ্নৱী কাপুৰ সদায় বাতৰিৰ শিৰোনামাত থাকে। ‘ধড়ক’ ছবিৰে বলীউডত অভিষেক ঘটোৱা জাহ্নৱী বৰ্তমানৰ অন্যতম শীৰ্ষ অভিনেত্ৰী। বৰ্তমান জাহ্নৱীৰ এক নতুন ৰূপে অনুৰাগীৰ মন মুহি নিছে। ৰয়েল ব্লু শাৰীত তেওঁৰ সৌন্দৰ্য্য সোণত সুৱগাৰ দৰে হৈ পৰিছে। এই শাৰীখনত জাহ্নৱীৰ ছবি সম্প্ৰতি ছচিয়েল মিডিয়াত অতি ভাইৰেল পৰিছে।
যোৱা কেইদিনমানৰ পৰা বলীউড জগতত চলি আছে দীপাৱলী পাৰ্টি। বহু শিল্পীয়ে আয়োজন কৰিছে দীপাৱলী পাৰ্টি। এই পাৰ্টিৰ বাবে বলীউডৰ চেলিব্ৰিটিসকলে পিন্ধা বিভিন্ন লুক এই মুহূৰ্তত চৰ্চিত হৈ পৰিছে। ইয়াত অভিনেত্ৰী জাহ্নৱী কাপুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেতিয়াবা পৰম্পৰাগত আৰু কেতিয়াবা আধুনিক ৰূপত তেওঁক দেখা যায়।
ডিপ নেক স্লীভলেছ ব্লাউজৰ সৈতে ৰয়েল ব্লু ৰঙৰ শাৰীত জাহৱীৰ বৰ্তমানৰ লুকটো যথেষ্ট জনপ্ৰিয়। তেওঁ নিজেই ছ’চিয়েল মিডিয়াত এই ছবিসমূহ শ্বেয়াৰ কৰিছে। ফটোখন শ্বেয়াৰ কৰাৰ সময়ত জাহ্নৱীয়ে লিখিছে, “এই লুকটোৰ বাবে মই অতিশয় উৎসাহিত, কাৰণ মই নিজাকৈ মেকআপ কৰিছো।” জাহ্নৱীৰ ৰয়েল ব্লু ৰঙৰ শাৰীখনৰ দাম ৯৫ হাজাৰ টকা। এই শাৰীৰ ডিজাইন কৰিছে বিখ্যাত ডিজাইনাৰ অৰ্পিতা মেহতাই।
অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা এই ছবিখনত, তেওঁ বৰুণ ধাৱানৰ সৈতে দেখা গৈছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ/অৰৱিন্দ/মনোজ
