আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ৰণবীৰ সিং অভিনীত ছবি ‘ধুৰন্ধৰ’ৰ বাবে দৰ্শকৰ উত্তেজনা ক্ৰমাগতভাৱে বাঢ়িছে। শক্তিশালী তাৰকা অভিনেতাৰে সজ্জিত এই ছবিখনত সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, অক্ষয় খান্না আৰু আৰ মাধৱনক ৰণবীৰৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। কেইমাহমানৰ আগতে মুক্তি পোৱা ছবিখনৰ ফাৰ্ষ্ট লুকে লাভ কৰিছিল প্ৰচণ্ড সঁহাৰি। বৰ্তমান লাডাখৰ মনোমোহা উপত্যকাত ছবিখনৰ শ্বুটিং চলি আছে। ইফালে ডাঙৰ খবৰটো হ’ল ছবিখনৰ ট্ৰেইলাৰে চেঞ্চৰ ব’ৰ্ডৰ অনুমোদন লাভ কৰিছে, অৰ্থাৎ দৰ্শকে অতি সোনকালে ইয়াৰ ট্ৰেইলাৰ চাবলৈ পাব।
শেহতীয়াকৈ চেঞ্চৰ ব’ৰ্ডৰ সন্মুখত ‘ধুৰন্ধৰ’ ছবিখনৰ ট্ৰেইলাৰ উপস্থাপন কৰা হৈছিল।
চিবিএফচিয়ে ট্ৰেইলাৰটোক ইউ/এ চাৰ্টিফিকেট প্ৰদান কৰি মুক্তিৰ পথ সম্পূৰ্ণৰূপে মুকলি কৰি দিছে। ব’ৰ্ডৰ ৱেবছাইট অনুসৰি ট্ৰেইলাৰৰ দৈৰ্ঘ্য ২ মিনিট ৪২ ছেকেণ্ড। যদিও মেকাৰসকলে এতিয়াও ইয়াৰ অফিচিয়েল মুক্তিৰ তাৰিখ শ্বেয়াৰ কৰা নাই, তথাপিও অনুমান কৰা হৈছে যে দৰ্শকে অতি সোনকালে এই ট্ৰেইলাৰটো চাব পাৰিব।
ৰণবীৰ সিঙৰ জন্মদিন অৰ্থাৎ ৬ জুলাইত নিৰ্মাতাসকলে ‘ধুৰন্ধৰ’ ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি কৰি দৰ্শকৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি কৰে। ইয়াত সকলো অভিনেতাক ডেছিং অৱতাৰত দেখা পোৱাৰ বিপৰীতে ৰণবীৰ সিং আৰু সঞ্জয় দত্তৰ লুকে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছিল। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে চেটটোৰ বহু ভিডিঅ’। প্ৰতিজন অভিনেতাৰ ৰূপে অনুৰাগীক আচৰিত কৰি তুলিছে, যাৰ ফলত ছবিখনৰ সৈতে জড়িত আশা আৰু অধিক বৃদ্ধি পাইছে।
৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলগীয়া এই ছবিখন হৈছে হাই অক্টেন স্পাই থ্ৰিলাৰ।ইয়াত ৰণবীৰ সিঙে এজন গোপন এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে, যিজনক পাকিস্তানত থাকি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়া দেখা যাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
