গুৱাহাটী, ২০ আগষ্ট (হি.স.)। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Busan International Film Festival)ৰ ৩০ সংখ্যক সংস্কৰণৰ ‘ভিজন এছিয়া’ শিতানৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি ‘কক কক ককক’। ‘সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট’ (এছআৰএফটিআই), কলকাতাৰ দ্বাৰা প্ৰযোজিত ‘কক কক ককক’ হৈছে এখন যাদুকৰী বাস্তৱবাদ (Magic Realist) বিষয়ক চলচ্চিত্ৰ, যিখন চলচ্চিত্ৰই মহৰ্ষি তুহিন কাশ্যপৰ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰিছে। যাদুকৰী বাস্তৱবাদ আৰু কাব্যিক কল্পনাৰ স্বকীয় ব্যৱহাৰৰ বাবে পৰিচিত মহৰ্ষি তুহিন কাশ্যপে গৃহ চহৰ গুৱাহাটীত পৰিৱেশিত এক গভীৰ ব্যক্তিগত অথচ সাৰ্বজনীন কাহিনী আগবঢ়াইছে। এখন অপৰিষ্কাৰ অথচ দৃশ্যমান চহৰৰ পটভূমিত ছবিখনে নিজ পৰিচয়ৰ বাবে সংগ্ৰাম কৰা প্ৰব্ৰজনকাৰীসকলৰ কাহিনী চিত্ৰায়িত কৰিছে। এই বছৰ অহা ১৭ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব ৩০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।
এছআৰএফটিআইৰ প্ৰাক্তন ছাত্ৰ কাশ্যপে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ডমিনিক চাংমাৰ মেণ্টৰশ্বিপত এই ছবিখন তেওঁৰ এছআৰএফটিআইৰ অন্তিম প্ৰকল্প হিচাপে নিৰ্মাণ কৰিছে। কাশ্যপৰ পূৰ্বৰ চুটি ছবিসমূহ বিশ্বৰ কেইবাখনো মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে একাধিক বঁটা-সন্মান বুটলিবলৈও সক্ষম হৈছে।
উল্লেখযোগ্য যে, বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ভিজন এছিয়া’ত কোৰিয়া আৰু এছিয়াৰ যুগান্তকাৰী কামৰ পৰিচয় দিয়া, এছিয়ান চিনেমাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰা উদীয়মান কণ্ঠৰ পৰা সাহসী আৰু সীমাবদ্ধতাক নেওচি নিৰ্মাণ কৰা ছবিসমূহক নিৰ্বাচন কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
