অস্কাৰ বিজয়ী অভিনেত্ৰী নিকোল কিডমেন আৰু তেওঁৰ স্বামী প্ৰখ্যাত সংগীতজ্ঞ কিথ আৰ্বানৰ বিবাহ পতনৰ পথত। প্ৰায় ১৯ বছৰ একেলগে থকাৰ পিছত তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি কেইমাহমানৰ আগতেই এই বিভাজন আৰম্ভ হৈছিল। কিথে নতুন ঘৰলৈ গুচি যোৱাৰ সময়তে নিকোলে এতিয়াও সম্পৰ্কটোক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে।
ছয় পৃষ্ঠাত প্ৰকাশ পাইছে যে নিকোলে এই বিচ্ছেদৰ পক্ষত নাছিল আৰু সম্পৰ্কটো বজাই ৰাখিবলৈ সকলো প্ৰচেষ্টা চলাইছিল। কিন্তু ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে কিথে নেচভিলৰ ঘৰ এৰি চহৰখনৰ আন এটা স্থানলৈ গুচি যায়। ইফালে নিকোলে অকলে তেওঁলোকৰ ছোৱালী দুজনীৰ যত্ন লৈ আছে।
২০০৫ চনত নিকোল কিডমেন আৰু কিথ আৰ্বানৰ প্ৰথম লগ হৈছিল।মাত্ৰ এবছৰৰ পিছত ২০০৬ চনত ছিডনীত বিবাহপাশত আবদ্ধ হয়। দুয়োৰে একেলগে দুগৰাকী কন্যা সন্তান আছিল। ইতিমধ্যে নিকোলৰ দুটা সন্তান আছে, যাক তেওঁ অভিনেতা টম ক্ৰুজৰ সৈতে বিবাহৰ সময়ত দত্তক লৈছিল। আমোদজনক কথাটো হ’ল, যোৱা জুন মাহত তেওঁলোকৰ বিবাহৰ ১৯ বছৰীয়া জয়ন্তীত নিকোল আৰু কিথে ইনষ্টাগ্ৰামত বিশেষ ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁলোকৰ পৰিয়ালৰ সৈতে তেওঁলোকৰ এক সুখৰ আভাস দেখা গৈছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
