বৰপেটা, ১৮ ডিছেম্বৰ (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বি.পি. জনকল্যাণ লাইব্ৰেৰী পদ্মপাৰাৰ আমন্ত্ৰণ মৰ্মে বিশ্ববাংলা অপেৰা বাংলা নাটক প্ৰদৰ্শনৰ ব্য়ৱস্থা কৰা হৈছে। এই উপলক্ষে সূদূৰ কলকাতাৰ পৰা মন মানেনা ছিনামাৰ হিৰোইন শিল্পা আৰু লগতে বহু অভিনেতা অভিনেত্রী অহা ০৬ জানুৱাৰীত অসমত উপস্থিত হব।
পদ্মপাৰাৰ হাইস্কুল খেলপথাৰ প্রাঙ্গণত এই নাট প্ৰদৰ্শনৰ ব্য়ৱস্থা কৰা হৈছে । ইয়াৰ বাবে দৰ্শকৰ বাবে আগতীয়াকৈ টিকট মুকলি কৰিছে বি.পি. জনকল্যাণ লাইব্ৰেৰী তৰফৰ পৰা। আগতীয়াকৈ যদি টিকট সংগ্ৰহ কৰিব বিচাৰে তেনেহলে ৬০০২৯৭৭৪৫৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বি.পি.জনকল্যাণ লাইব্ৰেৰীৰ সভাপতি আব্দুল কালাম আজাদ আৰু সম্পাদক – ছওৰ দেৱানে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
