সম্প্ৰতি আমিৰ খানে শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘সীতাৰে জমীন পাৰ’ৰ প্ৰচণ্ড সফলতাক উদযাপন কৰিছে। ২০২৫ চনৰ ২০ জুনত ছবিগৃহত মুক্তি লাভ কৰা ছবিখনে তেতিয়াৰ পৰাই বক্স অফিচত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে। এতিয়া ছবিখন পে-পাৰ ভিউ মডেলৰ জৰিয়তে ইউটিউবত মুক্তি দিয়া হৈছে, যাতে দৰ্শকে ঘৰৰ পৰাই উপভোগ কৰিব পাৰে। কিন্তু ছবিখন ইউটিউবত মুক্তি পোৱাৰ লগে লগে মাজনিশা আমিৰ খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰি দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিলে।
ইয়াৰ পূৰ্বে আমিৰ খানে ঘোষণা কৰিছিল যে তেওঁৰ ছবি ‘সীতাৰে জমীন পাৰ’ আমিৰ খান টকীজ ইউটিউব চেনেলত মাত্ৰ ১০০ টকাত চাব পাৰিব।কিন্তু মুক্তিৰ পিছত ছবিখনৰ এপলৰ ডিভাইচত নিৰ্ধাৰিত ৰেটতকৈ অধিক মূল্য দেখাবলৈ আৰম্ভ কৰিলে, যিটোৱে বহু দৰ্শকক আচৰিত কৰি তুলিলে। আমিৰ খান প্ৰডাকচনে নিজৰ অফিচিয়েল এক্স একাউণ্টত এক বিবৃতি প্ৰকাশ কৰি এই কাৰিকৰী ত্ৰুটিৰ বাবে দৰ্শকৰ ওচৰত ক্ষমা বিচাৰে। কোম্পানীটোৱে আশ্বাস দিছে যে তেওঁলোকৰ টেক টিমে এই দোষটো অতি সোনকালে সমাধানৰ বাবে কাম কৰি আছে, যাতে সকলো দৰ্শকে একে অভিজ্ঞতা লাভ কৰিব পাৰে।
আমিৰ খানে নিজৰ এক্স একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ক্ষমা কৰিব। আমি মাত্ৰ জানিব পাৰিছো যে এপলৰ ডিভাইচত আমাৰ ছবি ‘সীতাৰে জমীন পাৰ’ৰ ভাড়াৰ মূল্য ১৭৯ টকা হিচাপে দেখুওৱা হৈছে। আমি এই কাৰিকৰী গ্লিচটো যিমান সোনকালে পাৰো ঠিক কৰিবলৈ চেষ্টা কৰিছো। আপোনাৰ ধৈৰ্য্য আৰু বুজাবুজিৰ বাবে ধন্যবাদ। মন কৰিবলগীয়া যে ঘৰুৱা বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ১৬৭ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে বিশ্বজুৰি এই ছবিখনে ২৬৭ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিলে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
